ইউচিচিক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ইউচিচিক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- ইউচিচিক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-সংখ্যালঘু মহিলাক সুৰক্ষা দিবলৈ অসমত বলৱৎ হ’বই সমৰূপ নাগৰিক সংহিতা (ইউচিচি)। সদনত মুখ্যমন্ত্রীয়ে কয়-সংখ্যালঘু সমাজৰ মহিলাসকলক এক নতুন জীৱন দিবলৈ ইউচিচি অনা হৈছে। এই ইউচিচিয়ে মহিলাসকলক জীয়াই থকাৰ অধিকাৰ দিব, সম্পত্তিৰ ওপৰত অধিকাৰ দিব, বাল্যবিবাহ ৰোধ হ’ব, বহুবিবাহ বন্ধ হ’ব, প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্রদায়ৰ মহিলাসকলে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সমঅধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব। মুখ্যমন্ত্রীয়ে ইয়াকো কয়- বিৰোধী পক্ষই ধর্মীয় সংখ্যালঘুৰ মহিলাসকলক ইমানদিনে যি নির্মম যাতনা দি আহিছিল সেয়া ওৰ পৰিব। মুছলমান মহিলাসকলক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল, বহুবিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই থাকিবলগা হৈছিল মহিলাসকল। কিন্তু আজি এই আটাইবোৰ প্ৰথাৰ অন্ত পেলাই সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক স্বাধীনতা দিয়াৰ বাবে এই চৰকাৰ আগবাঢ়ি আহিছে। অসমৰ ইতিহাসত সামাজিক ন্যায় প্রতিষ্ঠাৰ দিশত আটাইতকৈ শক্তিশালী আইন এখন অনা হৈছে। এই ইউচিচিৰ প্ৰতি সকলোৱে সহযোগিতা কৰিব বুলি আশা কৰি মুখ্যমন্ত্ৰীয়ে কয়- আমাৰ ৰাজ্যখনত সামাজিক ন্যায় প্রতিষ্ঠাৰ ক্ষেত্ৰত সকলোৱে ইয়াক সমর্থন কৰা প্ৰয়োজন। ইফালে সদ্যসমাপ্ত নির্বাচনত সংখ্যালঘু ভোটাৰে বিজেপিক আঁকোৱালি লোৱাৰ কথা উল্লেখ কৰি আজি মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয়- পৰ্বতঝোৰা, মানকাচৰ সমষ্টিৰ দৰে এশ শতাংশ সংখ্যালঘু লোক বাস কৰা সমষ্টিত আমাৰ মিত্ৰদলে এক লাখতকৈ অধিক ভোট লাভকৰাটো এনডিএৰ বাবে ইতিবাচক দিশ। ইয়াৰ দ্বাৰা অসমৰ ৰাজনীতিত আন এক নাটকীয় পৰিৱৰ্তনৰ ইংগিত দিছে। কংগ্ৰেছৰ ১৯জন বিধায়কৰ ভিতৰত ১৮জনেই এক বিশেষ ধর্মীয় সম্প্ৰদায়ৰ মাজৰ পৰা অহা। কিন্তু কংগ্ৰেছৰ প্ৰতি এই বিশেষ সম্প্ৰদায়ৰ থকা সমর্থনৰ পাছতো মানকাচৰত অগপ দলে এইবাৰ এক লাখতকৈ অধিক ভোট পাবলৈ সক্ষম হৈছে। একেদৰে পৰ্বতঝোৰা সমষ্টিত বিপিএফে মাত্র অলপ ভোটৰ বাবে বিজয়ৰ পৰা বঞ্চিত হৈছে। ২০৩১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ এই ১৮জন বিধায়ক তেওঁলোকৰ সমষ্টিত কিমান নিৰাপদ সেয়াও নিৰূপণ হ’ব অহা ৫ বছৰত। এই সমষ্টিসমূহত বিজেপি আৰু মিত্রদলে কম ভোট পোৱাৰ বাবেই তেওঁলোকৰ কাম নকৰোঁ, তেনেকুৱা বার্তা এই চৰকাৰে দিব বিচৰা নাই। সদনৰ প্ৰথম অধিৱেশনতে মুছলমান মহিলাসকলক আটাইতকৈ বেছি সুৰক্ষা দিবলৈ ইউচিচি বিধেয়ক উত্থাপন কৰা হৈছে। আমাক ভোট দিয়া লোকসকলৰ কাম কৰাৰ পূৰ্বেই সামাজিক ন্যায় প্রচেষ্টাৰ বাবে প্রথম ইউচিচি অনা হৈছে। আজি যিসকলে ভাবিছে যে নির্দিষ্ট সম্প্ৰদায়ৰ লোকে আমাক ভোট দিবয়েই, কিন্তু মানকাচৰৰ এক লাখ ভোটেই এই সমষ্টিৰ বিধায়কসকলক বিপদঘণ্টা বজাই থৈ গৈছে। ২০৩১ৰ কাহিনী হয়তো সলনি হ’ব।