নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- নিশা মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।  অসম বিধান সভাৰ নতুন ভৱনৰ সন্মুখত দুর্ঘটনাত পতিত হৈ অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন যুৱকৰ। প্ৰচণ্ড বেগত আহি এটা ইলেক্ট্ৰিক পোষ্টত খুন্দিয়াই বাইক আৰোহীজনে। খুন্দা মৰাৰ লগে লগে দপদপকৈ জ্বলি উঠে বাইকখন। ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ। থিতাতে নিহত হোৱা যুৱকজন ধেমাজিৰ বাসৱ ৰাজ চুতীয়া।এম্বুলেঞ্চ পলমকৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01J 3056। ঘটনাস্থলীত কেইবাখনো অগ্নিনির্বাপক বাহিনী গাড়ীয়ে নির্বাপিত কৰে জুই।