ইউক্ৰেনে ৰাছিয়াৰ সৈতে যুদ্ধত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে

pc india today

ইউক্ৰেনে ৰাছিয়াৰ সৈতে যুদ্ধত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়াৰ সৈতে যুদ্ধৰ মাজতে ভাৰতত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ইগৰ পলিখাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে “তৎক্ষণাৎ যোগাযোগ” কৰিবলৈ আহ্বান জনাইছে। “ৰাছিয়াৰ সৈতে ভাৰতৰ এক বিশেষ সম্পৰ্ক আছে আৰু নতুন দিল্লীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত অধিক সক্ৰিয় ভূমিকা পালন কৰিব পাৰে,” পলিখাই লগতে কয়।