ইউএছটিএমৰ অষ্টম দীক্ষান্ত সমাৰোহ সফলতাৰে সম্পন্ন

Pc The Janambhumi

ইউএছটিএমৰ অষ্টম দীক্ষান্ত সমাৰোহ সফলতাৰে সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  বহুকেইগৰাকী উপাচার্য আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয় চমুকৈ ইউ এছ টি এমৰৰ অষ্টম দীক্ষান্ত সমাৰোহ সফলতাৰে সম্পন্ন হয়। এই দীক্ষান্ত সমাৰোহত মুঠ ১,৩০৫ গৰাকী স্নাতকক ডিগ্রী প্রদান হয়। ইয়াৰে ১৫ গৰাকী শিক্ষার্থীক পি এইচ ডি, ৭৭৫ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আৰু ৫১০ গৰাকী শিক্ষার্থীক স্নাতক ডিগ্রী প্ৰদান কৰা হয়। উক্ত দীক্ষান্ত সমাৰোহত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা আচার্য আৰু ডাউন টাউন হাস্পতালৰ প্রখ্যাত ই এন টি বিশেষজ্ঞ ডাঃ এন এন দত্তই সন্মানীয় ডক্টৰেট অৱ চায়েন্স (ডি.এছচি) আৰু প্রবীণ সাংবাদিক, দ্য শ্বিলং টাইমছৰ কাকতৰ প্ৰাক্তন সম্পাদক তথা মেঘালয়ৰ প্রাক্তন শিক্ষামন্ত্রী পদ্মশ্রী মানস চৌধুৰীয়ে মেঘালয়ৰ ৰাজ্যপালৰ পৰা সন্মানীয় ডি.লিট লাভ কৰে এই সমাৰোহত মেঘালয় ৰাজ্যপাল তথা ইউএছটি এমৰ ভিজিটৰ সত্যপাল মালিকে অধ্যক্ষতা কৰে।ইপিনে, মেঘালয়ৰ শিক্ষামন্ত্রী লাহকমেন ৰিম্বুই আৰু একাধিক উপাচার্যই সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে। সমাৱৰ্তনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° বি জে ৰাও, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড. এন লোকেন্দ্র সিং, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড আৰ এম পন্ত, অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক সাকেত কুশৱাহা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ডা ভি কে জৈন। এই সমাৰোহত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বি জে ৰাওৰ উপৰিও ইউএছটিএমৰ আচার্য মহবুবুল হক আৰু ইউএছটি এমৰ উপাচার্য অধ্যাপক জি ডি শর্মাই ভাষণ প্ৰদান কৰে।