আহোম গাৱত ধন লুট, এজনৰ বিৰুদ্দে এজাহাৰ দাখিল

আহোম গাৱত ধন লুট, এজনৰ বিৰুদ্দে এজাহাৰ দাখিল

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন আহোমগাও গাৱত এটা দুৰ্বৃত্বই এজন বেপাৰিক চোকা অস্ৰৰে আঘাত কৰি ৫০ হেজাৰ টকাৰ লগতে এটা মোবাইল লুটি নিয়াৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বটাবাৰী গাৱৰ আব্দুল কাদিৰৰ পুত্র তথা পাইকাৰী গেলামালৰ দোকানী মফিজুল ইছলামে আজি পুৱা ১০ মান বজাত নিজৰ দোকানৰ বাকী ধন উঠাই লৈ আহোতে ৰৌমাৰী গাৱৰ আব্দুল হাইৰ পুত্ৰ আবুল কাসেমে আহোম গাৱত চোকা অস্ৰৰে প্ৰহাৰ কৰি ৫০ হাজাৰ টকাৰ লগতে এখন মোবাইল ফোন লুটি নিয়ে। মফিজুল ইছলামে আবুল কাসেমৰ বিৰুদ্ধে আহোম গাও আৰক্ষী পহৰা চকীত এখনি এজাহাৰ দাখিল কৰে।