আশা কৰোঁ, মই চেন্নাইলৈ আহিম আৰু তাত মোৰ অন্তিম খন খেল খেলিম: এম এছ ধোনী

Pc- DNA India

আশা কৰোঁ, মই চেন্নাইলৈ আহিম আৰু তাত মোৰ অন্তিম খন খেল খেলিম: এম এছ ধোনী

অনলাইন বাৰ্ত্তাসোৱা-  চিএছকেৰ অধিনায়ক এম এছ ধোনীয়ে ইংগিত দিছে যে তেওঁ এই ছিজনৰ পিছত আই পি এলত খেলা অব্যাহত ৰাখিব। যেতিয়া এজন অনুৰাগীয়ে ধোনীৰ অন্তিম খন আন্তঃৰাষ্ট্ৰীয় খেলত উপস্থিত থাকিব নোৱাৰাৰ বাবে হতাশা ব্যক্ত কৰিছিল, তেতিয়া লাইভ বাৰ্তালাপৰ সময়ত ধোনীয়ে কয়, “আপুনি এতিয়াও মোক বিদায় জনোৱাৰ সুযোগ পাব। আশা কৰোঁ, মই চেন্নাইলৈ আহিম আৰু তাত মোৰ অন্তিম খন খেল খেলিম।”