আইডল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত অধ্যাপক কন্দর্প দাস

pc Sentinal Assam

আইডল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত অধ্যাপক কন্দর্প দাস

অনলাইন বাৰ্ত্তাসেৱা – আইডল কেলেংকাৰিত জড়িত হৈ পৰা কন্দৰ্প দাসক ইতিমধ্যে প্রতিষ্ঠানটোৰ সঞ্চালক পদৰ পৰা নিলম্বন কৰা হৈছিল। দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান আইডল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত হ’ল অধ্যাপক কন্দর্প দাস। বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বিশেষ বৈঠকত কন্দর্প দাসক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে আগন্তুক সময়ছোৱাত তেওঁৰ সৈতে বিশ্ববিদ্যালয়ৰ কোনোধৰণৰ সম্পর্ক নাথাকিব বুলিও স্পষ্ট কৰি দিয়া হৈছে। অৱশ্যে বিত্তীয় কেলেংকাৰিৰ তদন্ত অব্যাহত থাকিব বুলি  বৈঠকে নিশ্চিত কৰে। উল্লেখ্য যে ২০১০-১১ চনৰ মুঠ আঠটা বিষয়ত পাঠদান আগবঢ়োৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আছিল আইডলত। কিন্তু প্রতিষ্ঠানটোৰ সঞ্চালক হিচাপে ইউজিচিৰ স্বীকৃতি নোহোৱাকৈয়ে কন্দর্প দাসে ১০টা পাঠ্যক্ৰম আইডলৰ জৰিয়তে চলাই নিয়ে। এই পাঠ্যক্রমসমূহত যোৱা সময়ছোৱাত নামভৰ্তি কৰিছিল প্রায় ৭০ হাজাৰতকৈ অধিক ছাত্র-ছাত্রীয়ে। ‘আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ পৰা নামভৰ্তিৰ নামত সংগ্ৰহ কৰা হৈছিল ৩৯.০৬ কোটি টকা।উল্লেখযোগ্য যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্যৰ পদৰ পৰাও পূৰ্বে নিলম্বন কৰা হৈছিল কন্দৰ্প দাসক। আইডলৰ এনে কেলেংকাৰিক লৈ শেহতীয়াকৈ বিধানসভাত কেগে দাখিল কৰা প্ৰতিবেদনত আইডলৰ সঞ্চালক কন্দর্প দাস, পঞ্জীয়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল ।