আর্জেন্টিনাক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ খিতাপ দখল স্পেইনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীৰ্ঘ ১৬ বছৰৰ পিছত বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত মুখামুখি হৈছিল লিঅ’নেল মেছিৰ নেতৃত্বাধীন আর্জেন্টিনা আৰু স্পেইন। ডিফেণ্ডিং চেম্পিয়ন আর্জেন্টিনাই এইবাৰ খিতাপ ৰক্ষা কৰিব নোৱাৰিলে। ফাইনেলত দলটোৱে ২০২২ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰে৷ খেলৰ ১০৬ মিনিটত স্পেইনৰ হৈ ঐতিহাসিক গ’ল প্ৰদান কৰে ফেৰাণ টৰেছে। ২০১০ চনৰ পিছত দ্বিতীয়বাৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে। ২০১০ চনত দক্ষিণ আফ্ৰিকাত ফিফা বিশ্বকাপৰ খিতাপ দখল কৰিছিল স্পেইনে। ফাইনেলত নেদাৰলেণ্ডছক ১-০ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ হৈছিল স্পেইনে। আনহাতে, আর্জেন্টিনাই চতুৰ্থবাৰৰ বাবে বিশ্বকাপ খিতাপ জয় কৰাৰ সপোন পূৰণ কৰিব নোৱাৰিলে। ফলস্বৰূপে, ইটালী (১৯৩৪, ১৯৩৮) আৰু ব্রাজিল (১৯৫৮, ১৯৬২)-ৰ দৰে একেৰাহে দুবাৰ বিশ্বকাপ জয় কৰা দলৰ তালিকাত নাম অন্তর্ভুক্ত কৰিব নোৱাৰিলে। ফাইনেলত অধিনায়ক লিঅ’নেল মেছিৰ যাদুও বিশেষ দেখা নগ’ল।
দুয়োটা দলৰ বাবে ফাইনেললৈ যাত্রা যথেষ্ট কঠিন আছিল। স্পেইনে ফ্রান্স আৰু পর্তুগালৰ দৰে শক্তিশালী প্রতিপক্ষক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল। আনহাতে, আর্জেন্টিনাই একেৰাহে তিনিখন নকআউট খেল অতিৰিক্ত সময়লৈ লৈ গ’ল আৰু নাটকীয় জয়ৰে ফাইনেল নিশ্চিত কৰিছিল। প্রথমার্ধত খেলখন আছিল সমানে-সমানে প্রতিদ্বন্দ্বিতাপূর্ণ। যদিও কোনো দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল, তথাপিও আক্রমণাত্মক খেলত স্পেইন আগবাঢ়ি আছিল। স্পেইনে দুবাৰ লক্ষ্যভেদী শ্বট মাৰে, কিন্তু আর্জেন্টিনাই এবাৰো লক্ষ্যভেদী শ্বট মাৰিব নোৱাৰিলে। প্রথমার্ধত বল দখলৰ হাৰো স্পেইনৰ পক্ষত ৬৫ শতাংশ আছিল। স্পেইনৰ খেলুৱৈসকলে মেছিক কটকটীয়াভাবে মাৰ্ক কৰি ৰখাত তেওঁ বিশেষ প্রভাৱ পেলাব নোৱাৰিলে। আনহাতে, লামিন য়ামালেও উল্লেখযোগ্য প্রদর্শন আগবঢ়াব নোৱাৰিলে। আর্জেন্টিনাৰ ডিফেণ্ডাৰ লিছান্দ্ৰো মার্টিনেজে প্রথমার্ধত হালধীয়া কার্ড লাভ কৰে। পিছত আঘাতপ্রাপ্ত হোৱাত তেওঁক উঠাই নিকোলাছ অ’টামেত্তিক খেলপথাৰত নমোৱা হয়। দ্বিতীয়ার্ধত স্পেইনে সম্পূর্ণ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখে। বল দখলৰ হাৰ আছিল ৬৮ শতাংশ। স্পেইনে ২০বাৰ গ’লৰ প্ৰচেষ্টা চলাই যদিও আর্জেন্টিনাই চলাই মাত্ৰ দুবাৰ। স্পেইনৰ ‘অন শ্বট টার্গেট ১২টাৰ বিপৰীতে আর্জেন্টিনাৰ এটাও নাছিল, স্পেইনৰ অফ টার্গেট ৫টাৰ বিপৰীতে আর্জেন্টিনাৰ দুটা, স্পেইনে বক্সৰ ভিতৰৰ পৰা সাতবাৰ আৰু বাহিৰৰ পৰা ১২বাৰ গ’লৰ প্ৰয়াস কৰে। আর্জেন্টিনাৰ প্ৰয়াস আছিল ক্রমে মাত্র এটাকৈ। তাতকৈ আচৰিত দিশটো আছিল সমগ্র মেচখনত আর্জেন্টিনাই এটা শ্বটো গ’ল প’ষ্টৰ ভিতৰলৈ মাৰিব নোৱাৰিলে। ইনজুৰি টাইমত দলটোৱে ডাঙৰ আঘাত পায়, যেতিয়া এনজো ফার্নাণ্ডেজে দ্বিতীয়বাৰৰ বাবে হালধীয়া কাৰ্ড লাভ কৰাৰ ফলত ৰেড কার্ড পাই খেলপথাৰ এৰিবলগীয়া হয়। ইয়াৰ ফলত অতিৰিক্ত সময়ত আৰ্জেণ্টিনাৰ খেলুৱৈৰ সংখ্যা ১০ জনলৈ হ্ৰাস পায় আৰু ইয়াৰ পিছত স্পেইনে অধিক দখল লাভ কৰে ৷ ১০৬ মিনিটত নিকো উইলিয়ামছৰ হেডাৰক ফেৰাণ টৰেছে নিয়ন্ত্ৰণ কৰি বাওঁ ভৰিৰ এটা শক্তিশালী শ্বট মাৰি স্পেইনৰ জয় নিশ্চিত কৰে ৷ ফাইনেলৰ পূৰ্বে দুয়োটা দলে মুঠ ১৪খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। ইয়াৰে ৬খনকৈ খেলত দুয়োটা দলে জয়লাভকৰিছিল আৰু ২খন খেল ড্র হৈছিল। বিশ্বকাপ ইতিহাসত ইয়াৰ পূৰ্বে দুয়োটা দল মাত্ৰ এবাৰহে মুখামুখি হৈছিল। ১৯৬৬ চনৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত আর্জেন্টিনাই স্পেইনক ২-১ গ’লত পৰাস্ত কৰিছিল। প্ৰায় ৬০ বছৰৰ পিছত পুনৰ বিশ্বকাপৰ মঞ্চত দুয়োটা দলৰ মুখামুখি হয়, আৰু এইবাৰ স্পেইনে ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বচেম্পিয়নৰ মুকুট দখল কৰে।
