দ্বাৰকাত সাংস্কৃতিক কেন্দ্ৰ-নামঘৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

দ্বাৰকাত সাংস্কৃতিক কেন্দ্ৰ-নামঘৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীৰ ১৭ নং দ্বাৰকা ছেক্টৰত প্ৰস্তাৱিত অসম সাংস্কৃতিক কেন্দ্ৰ আৰু নামঘৰৰ বাবে নিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰে ।   দেশৰ ৰাজধানীত এটা স্বকীয় সাংস্কৃতিক আৰু সামাজিক কেন্দ্র স্থাপনেৰে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা প্ৰবাসী অসমীয়াৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা পূৰণ কৰাই হৈছে এই প্রকল্পটোৰ অন্যতম লক্ষ্য।  স্থান পৰিদৰ্শনৰ পাছত দিল্লীস্থিত ৰাজ্যৰ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাৰ্থনাগৃহ অর্থাৎ এটা নামঘৰৰ লগতে আধুনিক অসমীয়া সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব ৷ প্ৰস্তাৱিত এই প্ৰকল্পটোৱে অসমীয়া সমাজৰ বাবে এক সজীৱ কেন্দ্ৰ হিচাপে কাম কৰিব ৷ দ্বাৰকা ছেক্টৰ ১৭ত নিৰ্মাণ কৰিবলগীয়া কেন্দ্ৰটোৱে নিজ ৰাজ্যৰ পৰা আঁতৰত থকা অসমীয়া লোকসকলৰ মাজত সাংস্কৃতিক বন্ধন সুদৃঢ় কৰাৰ লগতে উৎসৱ, বিবাহ উদযাপন, সাংস্কৃতিক, সাহিত্যিক আৰু সামাজিক অনুষ্ঠানৰ আয়োজন, গৃহ ৰাজ্যৰ পৰা আঁতৰত বসবাস কৰা অসমীয়া মানুহৰ মাজত সাংস্কৃতিক বন্ধন সুদৃঢ় কৰাৰ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব । উল্লেখ্য যে ২০২১ চনৰ ৫ ছেপ্টেম্বৰত দিল্লীৰ তদানীন্তন উপ-ৰাজ্যপাল অনিল বৈজলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক কেন্দ্ৰ আৰু নামঘৰ স্থাপনৰ বাবে ভূমি আবণ্টনৰ বাবে অনুৰোধ জনাইছিল । পৰৱৰ্তী সময়ত ভূমি আবণ্টনে এই প্ৰকল্পৰ বাট মুকলি কৰি দিছে, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত অসমৰ সাংস্কৃতিক উপস্থিতি আৰু অধিক শক্তিশালী হ’ব । মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা বছৰৰ জানুৱাৰী মাহৰ পৰা অসম সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । কেন্দ্ৰটোৰ ওপৰৰ মহলাত এটা নামঘৰ থাকিব আৰু সমাজৰ লোকসকল একত্রিত হ’বলৈ, সামাজিক কাম-কাজ আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে প্রায় ৩০০ৰ পৰা ৪০০ লোক বহিব পৰা এটা বহুমুখী প্রেক্ষাগৃহ থাকিব। ইয়াৰ পিছত মুখ্যমন্ত্রী ড° শৰ্মাই দ্বাৰকা ছেক্টৰ ১৩-ত নতুনকৈ নির্মীয়মাণ অসম হাউছ পৰিদৰ্শন কৰে। শীঘ্রেই দিল্লীস্থিত নতুন আছাম হাউছ উদ্বোধন কৰা হ’ব। মন কৰিবলগীয়া যে ২০২৩ চনৰ ২২ এপ্ৰিলত মুখ্যমন্ত্রী ড° শর্মাই এই নতুন অসম হাউছৰ আধাৰশিলা স্থাপন কৰিছিল। প্রায় ৩০,০০০ বর্গফুটৰ মুঠ নির্মিত এলেকাৰে ১,০০০ বর্গমিটাৰ ভূখণ্ডত নির্মিত এই ভৱনটোত আনুমানিক ২১.৬৬ কোটি টকা ব্যয়সাপেক্ষে তিনিটা বেছমেন্ট, গ্রাউণ্ড প্লাছ চাৰিটা মহলা সংলগ্ন কৰা হৈছে। দেশৰ ৰাজধানীলৈ অহা অসমৰ লোকসকলৰ ক্রমবর্ধমান প্রয়োজনীয়তা পূৰণৰ বাবে নতুন অসম হাউছটো ডিজাইন কৰা হৈছে। প্রকল্পটোৰ অগ্রগতি পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্মাণকাৰ্যৰ গুণগত মানক লৈ সন্তুষ্টি প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰা মতে, দ্বাৰকাৰ নতুন অসম হাউছ আৰু চৰ্দাৰ পেটেল মাৰ্গত পুনৰ নিৰ্মাণকাৰ্য চলি থকা অসম ভবন দুয়োটাই এই বছৰ দুর্গাপূজাৰ ভিতৰত বা তাৰ আগতে উদ্বোধন কৰা হ’ব। তেওঁ লগতে কয় যে দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ নিৰ্মাণকাৰ্য বিভিন্ন পর্যায়ত চলি আছে আৰু এই দুই ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ অহা ৰাজ্যখনৰ লোকসকলৰ বাবে সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব। দিল্লীৰ বাহিৰত অনুৰূপ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কলকাতাৰ ৰাছেল ষ্ট্রীটৰ পুৰণি অসম হাউছটো ভাঙি পেলোৱা হৈছে আৰু ইয়াৰ পৰিৱৰ্তে ৯০টা কোঠাবিশিষ্ট এটা নতুন ভৱন নিৰ্মাণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে কলকাতাৰ ছল্ট লেকস্থিত অসম হাউছটোও পুনৰ নিৰ্মাণ কৰা হ’ব। তেওঁ আৰু জনায় যে বেংগালুৰুৰ অসম হাউছটো এই বছৰৰ শেষৰ ফালে উদ্বোধন কৰা হ’ব আৰু মুম্বাইত নতুন অসম হাউছ নিৰ্মাণৰ বাবে বন্দৰ কৰ্তৃপক্ষৰ পৰা এটা নতুন ভূখণ্ড অধিগ্রহণ কৰা হৈছে। এই পৰিদৰ্শন কালত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু লোকনির্মাণ বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।