খেতিয়ক ককাইৰ পুত্ৰ বৰ মানুহ হ’ল
ইভা গন্ধীয়া ফুকন
খেতিয়ক ককাইৰ পুত্ৰ বৰ মানুহ হ’ল
গাঁৱৰ খেতি- বাতিৰ কথা পাহৰি গ’ল
গোহালিৰ গৰু হাল বিক্ৰী কৰা হ’ল
নাঙল -যুঁৱলি জহি খহি গ’ল
খেতিয়ক ককাইয়ো বুঢ়া হ’ল
খেতি মাটি চন পৰি ৰ’ল
খেতি কৰি পঢ়াৰ খৰচ বহন কৰা
খেতিয়ক ককাইৰ দায়িত্ব শেষ হ’ল
ঘৰত কাম কৰা মানু্হে ভৰি গ’ল
খেতিয়ক ককাইৰ বহি শুই আমনি লগা হ’ল
জোনাকীয়ে বাট দেখুওৱা
হাবিতলীয়া একাবেঁকা বাট পোন হৈ পকী হ’ল
নিশা ষ্ট্ৰিট লাইটেৰে পোহৰাই ৰখা হ’ল
ঘৰৰ পদূলিমুখত পুত্ৰৰ নামফলক
চি চি কেমেৰাত জিলিকে পথিকৰ ছবি
ভোকে পিয়াহে থকা নাই ককাই
আৰামেত থাকি ককাইয়ে বেমাৰ ছপাই ল’লে
আত্মাৰ আলোকেৰে প্ৰসাৰিত চেতনাৰে
শাওন মাহ আহিলে খেতিয়ক ককাইৰ
বোকা পথাৰৰ স্মৃতিয়ে অগাদেৱা কৰে
সেয়ে লাখুটি লৈ পথাৰলৈ পাক এটি মাৰে
দুপৰৰ চোকা ৰ’দত
গাৰ ঘাম বোকাত পেলায়
বছৰৰ ভাতমুঠি গোটোৱাৰ কি যে আছিল হাবিয়াস
কাহিলী পুৱাতে উঠি নাঙল -যুঁৱলি কান্ধত লৈ
মূৰত জাপি হাতত এচাৰি
আগত ৰঙা ,কজলা বলধ দুটি
ককাইৰ একান্ত বাধ্য আছিল সিহঁত
যি ফালে যাব কয় ,সেইফালে যায়
যিফালে ঘূৰিব কয় ,সেইফালে ঘূৰিছিল
পথাৰত হাল জুটি সিহঁতৰ লগতে
কটাইছিল পুৱা বেলাটি
বিজুলী ঢেৰেকণীলৈ ভয় নকৰা খেতিয়ক ককাই
গৃহিণীয়ে যতনাই দিয়া জলপান মুঠি
বোকা পথাৰৰ সৰু আলিতে বহি খাইছিল
পথাৰলৈ চাই চাই আপোন পহৰা হৈ
এঙামুৰি দিব খোজা সপোন বোৰক কয়
শুই থাক দে তহঁত ,নজগাওঁ এতিয়া
মোৰো যে শোবৰ সময় হৈ আহিছে।
