শিশু উপযোগী কবিতা
আম
ছেলিমা বেগম,নগাঁও
আম অসমৰ ৰাষ্ট্ৰীয় ফল ,
আম খালে শৰীৰত হয় ভল।
পকা আম গছৰ ডালে ডালে
ৰসে ভৰপূৰ আম অকণে খালে।
জেঠ আহাৰ মাহত আম পকে গছে গছে
অকণে দৌৰে আমৰ পিছে পিছে।
পকা আম হাতত লৈ চেলেকি খালে জিভাৰে
হাতৰ পৰা পিছলি পৰে গোৰ মাৰে ভৰিৰে।
কেঁচা আম পকা আম বহু উপকাৰী
শৰীৰৰ বাবে বৰ দৰকাৰী।
ভিটামিন চি আৰু যে ক’ত থাকে
জানিবা নিশ্চয় আমৰ কথা তাকে।
