আপকু’ৰ প্ৰতিস্থাপক সম্পাদক ভৱেশ বৰুৱাৰ মৃত্যু

Pc- Northeast Now(Assamese)

আপকু’ৰ প্ৰতিস্থাপক সম্পাদক ভৱেশ বৰুৱাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মফচলীয় সাংবাদিকতাৰ বাটকটীয়া , আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ প্ৰতিষ্ঠাপক সম্পাদক, ভৱেশ বৰুৱাৰ বুধবাৰে মাজনিশা পশ্চিম গুৱাহাটীৰ আজাৰাৰ ডেকাপাৰাস্থিত কনিষ্ঠ পুত্ৰৰ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ । আজীৱন দুখীয়া-নিচলাৰ হ’কে কাম কৰি অহা সমাজহিতৈসী ,লেখক তথা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত আজাৰা অঞ্চলতে নহয় ৰাজ্যৰ মফছলীয় সাংবাদিকৰ জগতখনতো শোকৰ ছাঁ পৰে।আজাৰাৰ সন্তান,জ্ঞানৰ ভঁৰাল ভৱেশ বৰৱাৰ সকলো বিসয়তে প্ৰচুৰ জ্ঞান আছিল।আজাৰাৰ গোসাঁইপাৰাৰ প্ৰয়াত বিপিন চন্দ্ৰ বৰুৱা আৰু হৰোজনী বৰুৱাৰ পুত্ৰ ভৱেশ বৰুৱা কমিউনিষ্ট আদৰ্শত আকৃষ্ট হৈ দুখীয়া-নিচলাৰ হকে বিভিন্ন কামত জড়িত হৈ পৰিছিল। স্থানীয় ৰিক্সা চালক,ঠেলা চালক ,বিভিন্ন বিভাগৰ কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মীসকলক সু সংগঠিত কৰি বিভিন্ন শ্ৰমিক ইউনিয়ন গঠন কৰিছিল।বেচৰকাৰী বাছ গাড়ীৰ চালক-হেণ্ডিমেন সকলকলৈ তেওঁ প্ৰথমে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ গঠন কৰিছিল। সাংবাদিক হিচাপে তেওঁ পলাশবাৰীৰ পৰা অধুনালুপ্ত “পষেকীয়া স্বাধীনতা”নামৰ পষেকীয়া বাতৰি কাকত এখন উলিয়াই নিজেই সম্পাদকৰ দায়িত্বত আছিল।ইয়াৰ পিছতে”নতুন দৈনিক”নামৰ কাকতখনত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰে।নতুন দৈনিক কাকতখন বন্ধ হোৱাৰ পিছত”দৈনিক অগ্ৰদূত”কাকতত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰে।অসমৰ মফছলীয় সাংবাদিক সকলক একত্ৰিত কৰি গঠন হোৱা”সদৌ অসম সাংবাদিক সন্থা”ৰ প্ৰতিস্থা কালৰ সময়ত ভৱেশ বৰুৱাৰ অৱদান যথেষ্ঠ আছিল।পৰৱৰ্তী সময়ত তেওঁৰ নেতৃত্বত “আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন” গঠন কৰা হয়।উক্ত ইউনিয়ন গঠন কৰাৰ পিচৰে পৰা তেওঁ ৰাজ্যৰ মফছলীয় সাংবাদিক সকলৰ দা-দৰমহাৰ বাবে বিভিন্ন দাবী জনায়।জীৱনৰ অন্তিম সময়ছোৱালৈ তেওঁ মফছলীয় সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰৰ ওচৰত আবেদন-নিবেদন জনায়।আনকি মফছলীয় সাংবাদিক সকলৰ দৰমহা ঘোষণা নকৰালৈকে সাংবাদিক পেঞ্চন গ্ৰহণ নকৰাৰো সিদ্ধান্ত ঘোষণা কৰে।জেষ্ঠ সাংবাদিক ভৱেশ বৰুৱা এগৰাকী হোমিও চিকিৎসক হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল।তেওঁৰ হোমিও ফাৰ্মাছীৰ এক বিশেষত্ব আছিল মাথোঁ দুই টকাৰ দৰৱ।দুখীয়া-নিছলাক এনেদৰেই তেওঁ চিকিৎসা কৰিছিল।অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা আজাৰা সাহিত্য সভাৰ সদস্য ভৱেশ বৰুৱাই বিভিন্ন কাকত আলোচনীত কেবাটাও তথ্যগধুৰ প্ৰৱন্ধ লেখিছিল।তেওঁ আজাৰাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য আৰু আপকু’ৰ সভাপতি আব্দুল খালেক তেওঁৰ বাসভৱনত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।আপকু’ৰ কামৰূপ জিলা সমিতি, আজু’ৰ কামৰূপ জিলা সমিতি, আজাৰা প্ৰেছ গীল্ড,জ্যেষ্ঠ নাগৰিক মঞ্চ, আজাৰা, আজাৰা সাহিত্য সভা,আজাৰা ছাত্ৰ সন্থা,আজাৰা বন্ধু মিলন নাট্য সমিতি, আজাৰা জয়া সমূহীয়া কেন্দ্ৰ, মিৰ্জাপুৰ তালুক,কালিকান্ত নিউজ এজেঞ্চী,পৰাগজ্যোতি প্ৰকাশন আদিকৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জনায়।মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ আৰু তিনি কন্যা সহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। দুপৰীয়া অগণন লোকৰ উপস্থিতিত আজাৰা ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।