আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে অসমীয়া ছবি ‘তুমি মালালা’

Pc- Dainik agradoot

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে অসমীয়া ছবি ‘তুমি মালালা’

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড° সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ʼতুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘তুমি মালালা’ই ৫ খন মহোৎসৱত বিজয়ী হয়। ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালা’ই শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰা উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে। ইপিনে ড্ৰাক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে ব্যাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আজুৰি আনিবলৈ সক্ষম হয়।ডিআইএফটি,কলেদস্কোপ ইন্দিয়ান ফিল্ম ফেষ্টিভেল অৱ বচতন আৰু ইন্দো ফ্ৰেন্স ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলতো পাৰদৰ্শিতা বঁটা লাভ কৰে ‘তুমি মালালা’ই। ইপিনে, ৯ – ১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালা’ বিশেষভাৱে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰক মণ্ডলীয়ে। ‘তুমি মালালা’ত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ছবিখনৰ এনে সাফল্যত অতিকে সুখী প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তি। আনপিনে,ইউৰিছিয়া ইন্টাৰনেশ্বনেল মান্হলি ফিল্ম ফেষ্টিভেলতো বিজয়ী হয় ‘তুমি মালালা’।উল্লেখ্য যে, এনআৰচি সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা – আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি। ছবিখনৰ চিত্ৰনাট্যকাৰ অভিস্কা ফুকন। মুখ্য সহ পৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু  প্ৰডাকচন মেনেজাৰ অনন্ত বৰা। সাজ সজ্জাৰ পৰিচালক মন্দিৰা গগৈ আৰু ৰূপসজ্জা দিপালী শৰ্মা বৰদলৈৰ। ছবিখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ।চলচিত্ৰখনৰ মূল দুই কিশোৰী চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ ওৰফে মুনমুন আৰু হৰ্ষিতা ভট্টাচাৰ্যই। ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে। আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি।