আজি জিম্বাব’ৱেৰে প্ৰথমখন টি-২০ মেচ ভাৰতৰ

Pc The Indian Express

আজি জিম্বাব’ৱেৰে প্ৰথমখন টি-২০ মেচ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া শৃংখলাটোৰ বাবে সাজু হৈছে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন টীম ইণ্ডিয়া। ঘৰুৱা দল জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি হাৰাৰেত বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব। আয়াৰলেণ্ডৰ হাতত টি-২০, ইংলেণ্ডৰ হাতত টি-২০ আৰু এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৱে আজিৰ পৰা জিম্বাব’ৱেৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে। এই শৃংখলাটো কেৱল ভাৰতীয় দলটোৰ বাবেই নহয়, একাংশ ক্রিকেটাৰৰ ভৱিষ্যতৰ বাবেও অতি গুৰুত্বপূৰ্ণ। যদি তেওঁলোকে শৃংখলাটোত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে তিনিগৰাকী ক্রিকেটাৰৰ ভাৰতীয় দলত স্থানক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হ’ব পাৰে। শৃংখলাটোত শিৱম ডুবে, ৰিংকু সিং আৰু ৰবি বিষ্ণইৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব। যদি এই তিনিগৰাকী ক্রিকেটাৰে শৃংখলাটোত উন্নত প্রদৰ্শন কৰিব নোৱাৰে তেন্তে নির্বাচক মণ্ডলীয়ে বিকল্প চিন্তা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিপক্ষে শোচনীয় পৰাস্ত হোৱাৰ পিছত আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাটো অধিনায়ক শ্রেয়াছ আয়াৰৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।