অনশন প্রত্যাহাৰ কৰিবলৈ চৰকাৰক নতুন চৰ্ত সোণম ৱাংচুকৰ

PcThe News Mill

অনশন প্রত্যাহাৰ কৰিবলৈ চৰকাৰক নতুন চৰ্ত সোণম ৱাংচুকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জলবায়ু কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ আগত নিজৰ অনিৰ্দিষ্টকালীন অনশন বৰ্জন কৰাৰ বাবে চৰ্ত বান্ধি দিয়ে । কেন্দ্রীয় মন্ত্রী জেপি নাড্ডা আৰু জিতেন্দ্র সিঙলৈ লিখা চিঠিত তেওঁ জনায় যে প্রশ্নকাকত ফাদিলৰ সন্দৰ্ভত চৰম সিদ্ধান্ত লোৱা পঢ়ুৱৈসকলক ক্ষতিপূৰণ প্রদান, সংসদত আলোচনা আৰু শিক্ষামন্ত্রীক জবাবদিহি কৰাটো নিশ্চিত হ’লেই তেওঁ অনশন ভংগ কৰাৰ কথা চিন্তা কৰিব। লগতে আন্দোলনকাৰী যুৱকসকলৰ ওপৰত কোনো আইনী ব্যৱস্থা নোলোৱাৰ লিখিত নিশ্চয়তাও বিচাৰে তেওঁ। চিঠিখনত বাংচুকে দাবী কৰে যে ২০ জুলাইত ‘সংসদ চলো’ কার্যসূচী শান্তিপূর্ণ আছিল। আন্দোলনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী আৰু যুৱকসকলৰ বিৰুদ্ধে কোনো প্রতিহিংসামূলক আইনী ব্যৱস্থা নোলোৱাৰ লিখিত নিশ্চয়তাও তেওঁ বিচাৰে। তেওঁৰ অভিযোগ যে আন্দোলন দমনত অতিৰিক্ত বল প্রয়োগ কৰা হৈছে আৰক্ষীৰ দ্বাৰা। বাংচুকে জনায় যে বিভিন্ন ৰাজনৈতিক দলৰ প্রায় ৬৫জন সাংসদে তেওঁক অনশন ভংগ কৰাৰ আবেদন জনাইছে। কিন্তু আন্দোলনত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ স্বাৰ্থ সুৰক্ষিত নহ’লে তেওঁ অনির্দিষ্টকালৰ বাবে অনশন চলাই যাব বুলি চিঠিত স্পষ্ট কৰি দিয়ে। ক’কৰোছ জনতা পার্টীয়ে (চিজেপি) বুধবাৰে কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাক আলোচনাৰ বাবে তেওঁৰ ঘৰত মিলিত হ’বলৈ অমান্তি হৈছে। এই সন্দর্ভত তেওঁলোকে কয় যে ছাত্র-ছাত্রী আৰু প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা দাবীসমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চিজেপিৰ কৰ্মী সৌৰভ দাসে জোৰ দি কয় যে যিকোনো ধৰণৰ আলোচনা হ’ব লাগিব যন্তৰ-মন্তৰৰ ‘জনতাৰ আদালত’ত। দাসে বিজেপি নেতা জেপি নাড্ডাৰ ঘৰলৈ আলোচনাৰ বাবে জনোৱা আমন্ত্রণক প্রত্যাখ্যান কৰি কয়- ‘তেওঁ আমাক পুনৰ তেওঁৰ ঘৰলৈ আমন্ত্রণ জনাইছে। আমি পোনছাটেই প্রত্যাখ্যান কৰিছোঁ। ইয়াত ৰাইজৰ আদালত অনুষ্ঠিত হৈছে। মন্ত্রীসকল ৰাইজৰ মাজলৈ অহা উচিত।’ তেওঁ পুনৰ কয়- ‘অৱশ্যে শিক্ষিত ব্যক্তি হিচাপে আমি ভাবিছোঁ যে যদিহে এইক্ষেত্ৰত কিবা নিৰাপত্তাজনিত আশংকা থাকে, তেন্তে আমি যন্তৰ- মন্তৰৰ ওচৰৰ কোনোবা নিৰপেক্ষ ঠাইত আলোচনাত বহিব পাৰোঁ। এই সন্দর্ভত এতিয়াও আমি তেওঁলোকৰ পৰা একো জানিব পৰা নাই।’ ইফালে, সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ খবৰ ল’বলৈ মঙলবাৰে নিশা গুৰুগ্ৰামৰ হাস্পতাললৈ যায় কেন্দ্রীয় মন্ত্রী জেপি নাড্ডা আৰু জিতেন্দ্র সিং। আনহাতে, চিজেপিৰ তৰফৰ পৰা বুধবাৰে অনশনৰত সমাজকর্মী সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উদ্বেগ প্রকাশ কৰি তেওঁক অনশন প্রত্যাহাৰৰ অনুৰোধ জনায়।