৫ বছৰত ৰাজ্যত ১,৮২০খন নতুন সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদান

Pc Northeast News

৫ বছৰত ৰাজ্যত ১,৮২০খন নতুন সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০১৬ চনৰ পহিলা এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ মাৰ্চলৈ ৰাজ্যত মুঠ ৬৮৯ খন চৰকাৰী অনুজ্ঞাপত্ৰ থকা সুৰাৰ বিপণি আছিল । ইয়াৰ পাছত ২০২১ চনৰ পহিলা এপ্ৰিলৰ পৰা ২০২৬ চনৰ ১০ মে’লৈ ৰাজ্যত নতুনকৈ ১৮২০ খন সুৰাৰ বিপণিৰ অনুজ্ঞাপত্র দিয়া হৈছে । বুধবাৰে অসম বিধানসভাৰ মজিয়াত এই তথ্য সদৰী কৰে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই। অর্থাৎ যোৱা ৫ বছৰত ৰাজ্য চৰকাৰে অসমত নতুনকৈ ১,৮২০খন নতুন সুৰাৰ বিপণী খোলাৰ বাবে অনুজ্ঞা-পত্ৰ প্ৰদান কৰে। কংগ্ৰছ দলৰ বিধায়ক ড° জয়প্রকাশ দাসে চলিত ষষ্ঠদশ অসম বিধানসভাৰ নৱম দিনা অর্থাৎ বুধবাৰে সদনত উত্থাপন কৰা এটা  লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই। তেঁও লগতে সদৰী কৰে যে চৰকাৰে নগৰাঞ্চলত চলি থকা ৰেষ্টুৰেণ্টসমূহত আৰু গাঁও পঞ্চায়তত পর্যটন বিভাগৰ অনুমোদিত স্থানত আবেদন অনুযায়ী বাৰৰ অনুঞা-পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি আবেদন অনুযায়ী দেশীয় সুৰাৰ দোকানৰো অনুজ্ঞা-পত্ৰ প্ৰদান কৰি থকা হৈছে। ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত সদৰী কৰা অনুসৰি, ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ ৩১ মার্চলৈকে ৰাজ্যত মুঠ ৬৮৯খন সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ আছিল। ইয়াৰ সৰ্বাধিক আছিল সুৰাৰ বিপণী গোলাঘাট জিলাত আছিল। জিলাখনত মুঠ ১৩৩খন সুৰাৰ বিপণীৰ বিপৰীতে শিৱসাগৰ জিলাত ১২৫খন সুৰাৰ বিপণীৰে দ্বিতীয় স্থানত আছিল। ইয়াৰ পিছত ডিব্ৰুগড়ত ১০০খন, লখিমপুৰত ৪৯খন, কামৰূপ মহানগৰত ৪১খন অনুজ্ঞা-পত্ৰ থকা সুৰাৰ বিপণী আছিল। এই সময়ছোৱাত বজালী জিলাত ১৩খন, বাক্সা জিলাত ৬খন, বৰপেটা জিলাত ১১খন, বিশ্বনাথ জিলাত ১৩খন, বঙাইগাঁও জিলাত ৪খন, কাছাৰত ৭খন, চৰাইদেউত ৩খন, চিৰাঙত ৯খন, দৰঙত ২খন, ধেমাজিত ৮খন, ধুবুৰীত তখন, ডিমা হাছাওত এখন, গোৱালপাৰাত ৭খন, হাইলাকান্দিত ২২খন, হোজাইত ৪খন, যোৰহাটত ১৪খন, কামৰূপত ৭খন, কাৰ্বি আংলঙত ১৪খন, কোকৰাঝাৰত ৪খন, মৰিগাঁৱত ৪খন, নগাঁৱত ১৪খন, নলবাৰীত ২৮খন, শোণিতপুৰত ৯খন, তিনিচুকীয়াত ১৯খন, ওদালগুৰিত ৬খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৯খন অনুজ্ঞা-পত্ৰ থকা সুৰাৰ বিপণী আছিল। কিন্তু ইয়াৰ পিছত ২০২১ চনৰ ১ এপ্ৰিলৰপৰা ২০২৬ চনৰ ১০ মে’লৈ মাত্র পাঁচ বছৰতে ৰাজ্য চৰকাৰে নতুনকৈ ১,৮২০খন সুৰাৰ বিপণীৰ বাবে অনুজ্ঞা-পত্র প্রদান কৰে। ৫ বছৰত সুৰাৰ বিপণীৰ বাবে সৰ্বাধিক অনুজ্ঞা-পত্র লাভ কৰে কামৰূপ মহানগৰ জিলাই। জিলাখনত নতুনকৈ ২৩৬খন সুৰাৰ বিপণী খোলা হয়। ইয়াৰ পিছত সর্বাধিক অনুজ্ঞা-পত্ৰ পোৱা জিলাকেইখন হ’ল- লখিমপুৰ জিলা ১৫৭খন, গোলাঘাট জিলা ১৪৭খন, শিৱসাগৰ জিলা ১৩১খন, ডিব্ৰুগড় জিলা ৯৪খন আৰু ধেমাজি জিলাই ৭১খন সুৰাৰ বিপণীৰ বাবে অনুজ্ঞা-পত্র লাভ কৰে। সদনত মন্ত্ৰী অতুল বৰাই সদৰী কৰা তথ্য অনুসৰি, ৫ বছৰত কাছাৰত ৬৪, কামৰূপত ৬৯, কাৰ্বি আংলঙত ৬৭, ধুবুৰীত ৬২, শোণিতপুৰত ৬২, নগাঁৱত ৫৭, বাক্সাত ৫৪, দৰঙত ৪৬, চিৰাঙত ৪৫, চৰাইদেউত ৪৫, যোৰহাটত ৪৩, কোকৰাঝাৰত ৪১, মৰিগাঁৱত ৩৩, তামুলপুৰত ৩২, বঙাইগাঁৱত ২৫, গোৱালপাৰাত ২৫, বিশ্বনাথত ২৩, হাইলাকান্দিত ১৭, বৰপেটাত ১৬খন, বজালীত ১৪, পশ্চিম কাৰ্বি আংলঙত ১০, ওদালগুৰিত ৯, ডিমা হাছাওত ৬, দক্ষিণ শালমাৰাত ৫ আৰু শ্রীভূমি জিলাত ৫খন নতুন সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হৈছে।