আজিৰ দিনটোতে পুলৱামাত শ্বহীদ হৈছিল ৪০জনকৈ বীৰ জোৱান

আজিৰ দিনটোতে পুলৱামাত শ্বহীদ হৈছিল ৪০জনকৈ বীৰ জোৱান

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰা এটা দিন। এয়া ভাৰতৰ বাবেই আছিল এটা ক’লা দিন। আজিৰ দিনটোতে পুলৱামাত শ্বহীদ হৈছিল ৪০জনকৈ বীৰ জোৱান। সমগ্ৰ বিশ্ববাসীয়ে ভেলেণ্টাইন ডে’ উদযাপন কৰাৰ সময়তে আজিৰ দিনটোত স্মৰণ কৰিব বীৰ শ্বহীদসকলক। ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হৈছিল ৪০জন বীৰ জোৱানৰ। আজি সমগ্ৰ ভাৰতে পুলৱামা আক্ৰমণৰ শ্বহীদসকলক সেমেকা চকুৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই আক্ৰমণে ভাৰতবাসীৰ বুকু কঁপাই তুলিছিল। ভাৰতীয়ৰ বুকুৰ সেই ঘা টুকুৰা আজিও শুকুৱা নাই। অৱশ্যে, পুলৱামা আক্ৰমণৰ পিছত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। উল্লেখযোগ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সেনাৰ ওপৰত চলাইছিল আক্ৰমণ। আক্ৰমণকাৰীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ এখন বাছত বিস্ফোৰকভৰ্তি বাহনেৰে খুন্দিয়াইছিল। তাৰ পিছতে সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল।