আঘোণ-অৰুণা গোস্বামী

আঘোণ

কুঁৱলীৰে ঢকা সেউজীয়া পথাৰখন
সোণোৱাল‌ী হৈ পৰিল,
এতিয়া পথাৰত সোণগুটি
বোটলাৰ বতৰ ।
কিন্তু তাহানিৰ দৰে মানুহৰ মনত
নাই কোনো উৎসাহ-উদ্দীপনা ,
আমদানিকৃত দাৱনীৰ হাতলৈ মুখলৈ চাই
ৰৈ থাকে মানুহবোৰ ।
কৰ্ম বিমুখ হৈ পৰিছে আজিৰ মানুহ ,
আগৰ দৰে নাই মানুহৰ তৎপৰতা ।
নুশুনো আজি শিশুহঁতৰ মুখত
নৰাৰে সজা পেঁপাৰ মাত
পথাৰত ল’ৰাহঁতৰ নাই দৌৰা-দৌৰি ,
ম’বাইলত ব্যস্ত আজি
নাই অলপো আজৰি ।
লেছেৰি বোটলা , লুকা-ভাকু
আৰু যে কত কি ?
আধুনিকতাই গ্ৰাস কৰে
একেই আছে প্ৰকৃতি ।
দাৱনীহঁতৰো ৰৱাব টেঙা খোৱাৰ
চখ নাই দেখোন ,
কৃত্ৰিমতাৰে ভৰা হ’লেও
এতিয়া কিন্তু আঘোণ ।

-অৰুণা গোস্বামী
তিতাবৰ