আগন্তুক শিক্ষাবৰ্ষৰ পৰা পঞ্চম শ্ৰেণীলৈকে আহিব নতুন ভাষা নীতি – ৰাজ্য চৰকাৰৰ

pc-thesentinalassam

অনলাইন বাৰ্ত্তাসেৱা-  আগন্তুক শিক্ষাবৰ্ষৰ পৰা প্ৰযোজ্য হ’ব এই নতুন ভাষা নীতি। এই নতুন ভাষা নীতিমতে পঞ্চম শ্ৰেণীলৈকে নিজৰ মাতৃ ভাষাৰ অধ্যয়নৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীয়ে।মাতৃ ভাষাত অধ্যয়নৰ সুবিধা নথকা শিক্ষাৰ্থীৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।এইসকলক শিক্ষাৰ্থীৰ বাবে ৫০ নম্বৰৰ এক বিশেষ ভাষা অধ্যয়নৰ ব্যৱস্থা কৰা হ’ব।বিগত দিনত অসম সাহিত্য সভা আৰু বিভিন্ন জনজাতীয় সাহিত্য সভাৰ লগত আলোচনাত লিপ্ত হৈ এক ভাষা নীতি গ্ৰহণ কৰা হৈছিল।সেই ভাষা নীতিৰ অধিসূচনাও ইতিমধ্য জাৰি হৈছে।ভাষা নীতিৰ অধীনত যিসমূহ জনজাতীয় ভাষা মাধ্যম নহয়, সেই সমূহ ভাষাটো যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে এই নীতি গ্ৰহণ।যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে তেওঁলোকৰ প্ৰথম ভাষা অসমীয়া, দ্বিতীয় ভাষা ইংৰাজী।তৃতীয় ভাষা পূৰ্বে আছিল হিন্দী। যাৰ নম্বৰ আছিল ১০০।এই ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ হিন্দী আৰু ৫০ নম্বৰ জনজাতীয় ভাষাৰ অধ্যয়নৰ বাবে ভাগ কৰা হৈছে।অৰ্থাত হিন্দীৰ উপৰিও যি ৫০ নম্বৰৰ তৃতীয় ভাষা থাকিব সেই ভাষা তিৱা, ৰাভা, মিচিং আদিৰ দৰে জনজাতীয় ভাষা অধ্যয়ৰ বাবে থাকিব।বড়ো মাধ্যমৰ বিদ্যালয়তো এই নীতি প্ৰযোজ্য হ’ব।বড়ো মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত তৃতীয় ভাষা হিন্দীৰ সৈতে ভাগ কৰা হ’ব অসমীয়া ভাষা।অৰ্থাত বড়ো মাধ্যমৰ বিদ্যালয়ত প্ৰথম ভাষা বড়ো, দ্বিতীয় ইংৰাজী, তৃতীয় হিন্দীৰ সৈতে অসমীয়া আৰু ইয়াৰ অধ্যয়নৰ বাবে থাকিব ৫০ নম্বৰ।অসমীয় ভাষাৰ ছাত্ৰই যদি মচিং ভাষা বা তেনেধৰণৰ জনজাতীয় ভাষা অধ্যয়ন কৰিব বিচাৰে তেনে ছাত্ৰকো এই সুবিধা প্ৰদান কৰিব। by utpal kalita