অ! ভাৰতীয় যুৱকৰ দল-নিতিষ্মান দাস

pc Max Pixel

অ! ভাৰতীয় যুৱকৰ দল

অ! ভাৰতীয় যুৱকৰ দল তোমালোক নাযাবা ৰৈ!

ভয় নকৰিবা অস্ত্ৰ বুকুত লাগিবলৈ!

সঁচা দেশ প্রেমী যদি কিহৰ আছে ভয়!

এই দেশৰ মাটিৰ কেতিয়াওঁ হব নালাগে বিলয়!

যিমান পাৰা সিমান দেশৰ বাবে ৰক্ত বোৱাবা!

ডেউকা নাথাকিলেও উৰিবলৈ চেষ্টা কৰিবা!

কোন মূৰ্খাৰ! আছে সাহস, এই দেশখন কৰিবলৈ জয়!

সিহঁতি নাজানে যে আমাৰ কালৈকো নাই ভয়!

দেশৰ বাবে ডিঙিত ফাঁচী লগালেও সাজু হবা!

দেশখনক ৰক্ষা কৰিম থাকিলেও পাহাৰৰ সম বোজা!

কাৰাগাৰত থাকিলেও, থাকিব এই ভূমিৰ বতাহ!

যি বতাহেৰে প্ৰতিপলে লৈ থাকোঁ জয়ৰ উশাহ!

কৃষি ভূমি ধানৰ ৰক্ষাৰ শপত লবা!

কৃষকৰ দিনে ৰাতিয়ে শক্তি হৈ থাকিবা!

অ! ভাৰতীয় যুৱকৰ দল, শত্ৰুৰ ৰক্তৰে কৰিবা স্নান!

আমাতকৈ বেছি মূল্যবান দেশৰ ভৱিষ্যত আৰু মান!

নিজৰ মনৰ সকলোৱে জুইকুৰা জগুৱা!

সেই জুইকুৰা লৈ সকলোৱে শত্ৰুক জয় কৰা!

জয় লাভ কৰিবলৈ ভগৱানৰো আছে কৃপা!

ভাবাচোন! জয় লাভ কৰিলে ৰক্ষা হব, মাতৃ ভাষা!

অ! ভাৰতীয় যুৱকৰ দল একগোট হৈ হোৱা অভয়!

এইটো নিশ্চিত যে সত্যৰ সদায়ে জয়, সত্যৰ সদায়ে জয়!

-নিতিষ্মান দাস

সপ্তম শ্রেণী