অহংকাৰৰ মৰীচিকা
শৈলেন কুমাৰ,মিৰ্জা
এমুঠিমান গুৰুত্ব পালেই আকাশ চুব খোজা মানুহ তুমি,
বুকুত তোমাৰ আত্মগৌৰৱৰ বিষাক্ত এন্ধাৰ,
নিজকে সৰ্বস্ব বুলি ভাবি কিমাননো সাজিবা ওখ দেৱাল?
মনত ৰাখিবা— এই পৃথিৱীত সকলোৱে মাথোঁ ক্ষন্তেকীয়া আলহী।
প্ৰশংসাৰ তৈলমৰ্দনত ইমানো বিলীন হৈ নাযাবা,
যাতে এদিন নিজৰ অস্তিত্বৰ ঠিকনা বিচাৰি হাবাথুৰি খাব লাগে,
কি ৰজা আৰু কি প্ৰজা— যমৰ দুৱাৰত সকলোৰে নাম একে,
ভেলকীবাজীৰ এই মুখাবোৰ এদিন অজানিতেই খহি পৰে।
সময় যে বৰ নিষ্ঠুৰ,
কাৰো পক্ষত সি কোনোদিন নাথাকে,
কাঞ্চনজংঘাৰ সমান গৰ্বও সময়ৰ সোঁতত ধূলি হয়,
সিংহাসনৰ মোহ ত্যাগ কৰি
এদিন কালৰ বুকুত হেৰাই যায়—যি ৰজা আছিল,
তেৱোঁ শ্মশানৰ চণ্ডাল হৈ মৌনতাৰ মালা পিন্ধিব লয়।
অহংকাৰক বিসৰ্জন দি নিজৰ আত্মাক চিনি পোৱা,
অস্তিত্বহীন পৰিচয়ৰ ভিৰত হেৰাই নাযাবা মানুহ,
কাৰণ শেষ নিশাৰ যাত্ৰাত কোনো নাথাকে কাষত,
মাথোঁ ৰৈ যায় নিস্বাৰ্থ মৰম আৰু অলপমান মানৱতাৰ সুবাস।
