ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ মন্ত্ৰীক দপ্তৰ বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাসহ অজন্তা নেওগ, চৰণ বড়ো, অতুল বৰা আৰু ৰামেশ্বৰ তেলীয়ে শপতবাক্য পাঠ কৰিলে ৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপতবাক্য পাঠ কৰোৱাৰ পাছতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হয় ৷ শপতগ্ৰহণৰ পাছত নৱনিযুক্ত ৪ মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণত প্রয়োজনীয় অনুমোদন জনায় ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। সেই অনুসৰি মন্ত্ৰী ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্রমিক কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। মন্ত্রী অতুল বৰাই চম্ভালিব পঞ্চায়ত আৰু গ্রামোন্নয়ন, আবকাৰী, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ। মন্ত্ৰী চৰণ বড়োক দিয়া হৈছে পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব। পর্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ হাতত ন্যস্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক পত্ৰযোগে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ সন্দৰ্ভত ৰাজ্যপাল আচার্যলৈ প্রস্তাৱ প্ৰেৰণ কৰিছিল। য’ত ৰাজ্যপাল আচার্যই অনুমোদন জনায়। উল্লেখ্য যে শেহতীয়া অসম বিধানসভাৰ নিৰ্বাচনত ১০২খন আসন দখলেৰে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইয়াৰ পিছতে যোৱা ১২ মে’ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপি তথা এনডিএৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত দ্বিতীয়টো কার্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে ড° হিমন্ত বিশ্ব শর্মাই শপত লয়। একেদিনাই শপতগ্ৰহণ কৰিছিল উক্ত ৪ মন্ত্রীয়েও। বৃহস্পতিবাৰে তেওঁলোকৰ মাজত দপ্তৰ বিতৰণৰ আনুষ্ঠানিকতা সম্পন্ন হ’ল। উল্লেখযোগ্য যে অহা ২৬ মে’ত বিধানসভাৰ অধিৱেশনৰ সামৰণি পৰিব আৰু তাৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মন্ত্রীসভা সম্প্ৰসাৰণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।
