অসহায় ক্ষুধাতুৰ**-গৌতম শৰ্মা

pc - gardenculturemagazine
অসহায় ক্ষুধাতুৰ**
ডাষ্টবীণটোৰ পৰা পচিব ধৰা মাংসৰ গোন্ধটো অলপ কৈ উৰি আহিছে  | টিং পাতৰ ঘৰটোৰ ভিতৰত জ্বৰত কপি থকা পুতেকৰ গাটো গৰম তেলেৰে মালিচ কৰি দিয়া লক্মীৰ ভয় লাগিছে | ল’ৰাটো ইমানকৈ কপিছে | তাই কাষৰ ঘৰৰ চিবু দাক চিঞৰিলে “দাদাই, দেখক না, ল’ৰাটা কি ভাবে কপছে”
বিচাৰিলেই পোৱা চিবু দৌৰা দৌৰিকৈ আহি চৌকাৰ গৰম পানীত মলিয়ন কাপোৰ এখন তিয়াই ল’ৰাটোৰ কপালত লগাই দিলে | ভৰি তলোৱাত জোৰ জোৰকৈ মোহাৰিলে | অলপ সময় গ’ল | কপনিটো অলপ কমিছে |
“ঠিক হৈ যাব ৰে , ঠিক হৈ যাব” চিবু দাই কৈ গ’ল|
বেমাৰী ল’ৰাটোৰ মুখত দিবলৈ ভঙা চালি খনত খুদ এটা নাই | তিনি দিন হ’ল লক্মী কামলৈও যাব পৰা নাই |
“চিবু দা, অ চিবু দা, তহতৰ কিবা খাবলে বানাই আছিল নহয়, অলপ দে না, বেমাৰী বেটা টোৰ ভোক লাগিছে ৰে” ..
“নাই ৰে , আমাৰ তো আজি, নিজলৈ য়ে কম হৈছে, একদম নাইয়ে ” চিবুৰ মাতটো সৰু
“অলপ কিছু হলেই হল ৰে দাদা, বেটা টোৰ মুখত দিম” তাই কাকুটি কৰিলে
“আৰে নাই ৰে, থাকিলে দিলো হয় তো” ভঙা টিং পাতৰ দৰ্জাখন মাৰি দিলে চিবুৱে |
চকু পানী আৰু ভোকত লক্মীৰ ৰাতিটো পাৰ হ’ল | ৰাতি পুৱা কামলৈ ওলাই যাওঁতে তাই ডাষ্টবীণটোৰ কাষত ৰ’ল, পচা মাংসৰ টোপোলাতো নাইকিয়া হ’ল চোন |