অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা

Pc Britannica

অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত ২০-২১ নৱেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ. কে়ডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত ইভেন্টসমূহ অনুষ্ঠিত হয়। তদৰ্থ কমিটীৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতাৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আৰু উদ্বোধক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ তথা বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰণয় বৰদলৈ বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, অনুপ চৌধুৰী, হীৰেণ গগৈ, উত্তম ব্ৰহ্ম উপস্থিত থাকে। উল্লেখ্য, অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটীৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে জনোৱা অনুসৰি কোনো খেলুৱৈৰ পৰা যোগদান মাচুল গ্ৰহণ নকৰাকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ দিয়াত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাখনত ৰাজ্যখনৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।