অসম-মিজোৰামৰ মহাধিবক্তালৈ ন্যায়ালয়ৰ জাননী

pc-NDTV.com

অসম-মিজোৰামৰ মহাধিবক্তালৈ ন্যায়ালয়ৰ জাননী

অনলাইন বাৰ্ত্তাসেৱা– যোৱা ২৬জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী আৰু দৃৰ্বৃত্তই অসম আৰক্ষীৰ ৬গৰাকী জোৱান আৰু এগৰাকী সাধাৰণ লোকক গুলীয়াই হত্যা কৰা ঘটনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত স্থান পায়। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই ৬গৰাকী অসম আৰক্ষীৰ জোৱান নিহত হোৱা ঘটনাৰ চিবিআই তদন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিজো লোকৰ হাতে হাতে অস্ত্ৰ থাকে বুলি কৰা মন্তব্য সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল।৪৪/২০২১ নম্বৰৰ এই আবেদনখনৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াৰ নেতৃত্বত শুনানি অনুষ্ঠিত হয়। শুনানিত দুয়োপক্ষৰ যুক্তি শুনি আদালতে ৰায় দিয়ে যে যিহেতু সীমা বিবাদ বিষয়টো সংবিধানৰ ১৩১ ধাৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনত পৰে সেয়ে এই বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালযে বিচাৰ চলাব পাৰে নে নোৱাৰে সেই সম্পৰ্কত অসম-মিজোৰাম চৰকাৰৰ মহাধিবক্তালৈ আদালতে জাননী প্ৰেৰণ কৰে।

(R.T)