অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপনিৰ্বাচনৰ দুগৰাকী প্ৰাৰ্থীক দলীয় টিকট প্ৰদান

pc Facebook

অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপনিৰ্বাচনৰ দুগৰাকী প্ৰাৰ্থীক দলীয় টিকট প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে ভৱনীপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীধৰ তালুকদাৰ আৰু থাওৰা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই দলীয় টিকট প্ৰদান কৰে। উক্ত টিকট প্ৰাৰ্থীদুগৰাকীৰ হৈ তেওঁলোকৰ আত্মীয়ই সংগ্ৰহ কৰে। দুয়োগৰাকী প্ৰাৰ্থীক ভবেশ কলিতাই ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰে।