অসম চিভিল ছ’চাইটি, গুৱাহাটীৰ নাগৰিক সভা

pc Facebook

অসম চিভিল ছ’চাইটি,গুৱাহাটীৰ নাগৰিক সভা
“ধলপুৰ-গৰুখুটি, মিকিৰ বামুনি গ্ৰাণ্টকে ধৰি সাম্প্ৰতিক কৃষক উচ্ছেদ, সাম্প্ৰদায়িক প্ৰচাৰেৰে উচ্ছদৰ ন্যায্যতা প্ৰদান, কৃষক সমাজৰ প্ৰতি সচেতন নাগৰিকৰ দায়বদ্ধতা” শীৰ্ষক নাগৰিক সভা

ৰঙিলী বাৰ্ত্তাসোৱা- বিগত সময়ছোৱাত অসমত কৃষক উচ্ছেদ কাৰ্য যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । উচ্ছেদিত কৃষকৰ প্ৰতি সাধাৰণ মানুহৰ সহানুভুতিক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰে উগ্ৰ সাম্প্ৰদায়িক প্ৰৰোচনাৰ আশ্ৰয় লোৱা দেখা গৈছে । যোৱা ২৩ চেপ্তেম্বৰত দৰং জিলাৰ ধলপুৰ-গৰুখুটিৰ উচ্ছেদৰ সময়ত চৰকাৰৰ এই প্ৰৱনতা উৎকট ৰূপত ধৰা পৰিছে, যিয়ে বিশ্বজুৰি অসমৰ সুনামত কালিমা সানিছে । নিজকে খিলঞ্জীয়া দৰদী বুলি আত্মপ্ৰচাৰ চলালেও চৰকাৰখনৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ ওলাই পৰিছে নগাঁৱৰ মিকিৰ-বামুনি গ্ৰাণ্ট, কাৰ্বি আংলঙৰ লম্বাই পাহাৰকে ধৰি সাম্প্ৰতিক সময়ৰ অন্যান্য খিলঞ্জীয়া কৃষক উচ্ছেদ সমূহত । কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিহীন-কৰ্প’ৰেট দৰদী’ সৰ্বভাৰতীয় কৃষি নীতি অসমত বলবৎ কৰিবলৈকে বৰ্তমানৰ উচ্ছেদ সমূহ চলাই থকা বুলি অভিযোগ উত্থাপিত হৈছে ।এই সকলো দিশ আলোচনা কৰি অসমৰ সমাজ জীৱনত এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰা আৰু অসমৰ সামগ্ৰিক কৃষক সমাজৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ উদ্দেশ্যে অহা ৯ অক্টোবৰত দিনৰ ১০-৩০ বজাত গুৱাহাটীৰ দীঘলী পুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ সিদ্ধিনাথ শৰ্মা ভৱনত এক নাগৰিক সভাৰ আহবান কৰা হৈছে । উক্তনাগৰিক সভা বক্তা হিচাপে অংশগ্ৰহণ কৰিব ড° হীৰেন গোহাঁই, ড° দীনেশ বৈশ্য, সাংসদ অজিত ভূঞা, ডা: নৱনীল বৰুৱা, প্ৰশান্ত ৰাজগুৰু, লোকনাথ গোস্বামী, পৰমানন্দ মজুমদাৰ, দেবেন তামুলী, পৰেশ মালাকাৰ আৰু বিশিষ্ট লেখক বুদ্ধিজীৱি ময়ুৰ বৰাই।বৰ্তমান সময়ৰ জৰুৰী কৰ্তব্য বুলি বিবেচনা কৰি আয়োজন কৰা নাগৰিক সভাত অংশ গ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷