লোকসেৱা অধিকাৰ ৱেব প’ৰ্টেল মুকলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মল সীতাৰমণৰ

pc- facebook

লোকসেৱা অধিকাৰ ৱেব প’ৰ্টেল মুকলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মল সীতাৰমণৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত লোকসেৱা অধিকাৰ ৱেব প’ৰ্টেল মুকলি কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আবকাৰী আৰু কৰ প’ৰ্টেলো মুকলি কৰে।  ৱেব প’ৰ্টেল মুকলি কৰি দিয়া ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মল সীতাৰমণে শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ ওপৰত কামৰূপ জিলাত শুৱালকুছি আৰু আমিনগাঁও সংযোগী তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন চাৰিলেনযুক্ত দলং নিৰ্মাণ কৰা হʼব বুলি ঘোষণা কৰে।  তেওঁ কয়— ‘অসমৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ বিষয়টো বিবেচনা কৰি কামৰূপ জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এখন দলং নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে। এই দলংখনে শুৱালকুছি আৰু আমিনগাঁৱৰ লগতে সম্ভৱতঃ গুৱাহাটী বিমানবন্দৰকো সংযোগ কৰিব। এই দলংখনৰ নিৰ্মাণৰ বাবদ ব্যয় হ’ব ৩,০৯৪ কোটি টকা। ইয়াৰ ফলত গুৱাহাটী আৰু বৰপেটা, নলবাৰী, আমিনগাঁও আদি অঞ্চলৰ ভ্ৰমণ সময় হ্রাস কৰিব। এই প্রকল্পই ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত সহায় কৰিব আৰু ৰাজ্যৰ সামগ্রিক অর্থনৈতিক বিকাশত সহায় কৰিব।’ একে সময়তে ৰাজ্যৰ কেইবাটাও প্রকল্প আজি পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃগাঁথনিমূলক বিভিন্ন প্রকল্প আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ উন্নয়নমূলক প্রকল্পসমূহৰ কামৰ অগ্ৰগতি সন্তোষজনক। কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে সামগ্রিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহৰো শলাগ লয়। সীতাৰমণে  কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ নিৰ্মাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয়— ‘আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ২০২১-২০২২ বৰ্ষৰ বাজেটত আন্তঃগাঁথনি প্রকল্পসমূহৰ বাবে ধার্য কৰা ধনৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত ৩৪ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়— ‘যোৱা চাৰি মাহত ৰাজ্যৰ আন্তঃগাঁথনি প্রকল্পসমূহে এক নতুন গতি লাভ কৰিছে। যিধৰণে অসম চৰকাৰে বিভিন্ন প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰ জৰিয়তে দেশৰ আন উন্নত ৰাজ্যসমূহৰ দৰেই শীঘ্ৰে আগবাঢ়ি যাবলৈ সক্ষম হ’ব। ক’ভিড মহামাৰীৰ পাছত চৰকাৰে পুনৰুজ্জীৱিতকৰণৰ পেকেজৰ জৰিয়তে এক বহনক্ষম আৰু দীৰ্ঘম্যাদী উন্নয়নৰ পৰিকল্পনা গ্ৰহণ কৰিছে। বিকাশৰ বাবে কিদৰে উন্নয়নমূলক পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত, তাৰ পথ দেখুৱাইছে অসম চৰকাৰে।’