অসম গ্ৰন্থমেলাত নিৰ্মল সাই প্ৰকাশনৰ “সম্পাদনা সাহিত্য বঁটা ২০২২” ৰঙিলী বাৰ্তাৰ সম্পাদক উদ্দীপ্ত নয়ন মেধিক প্ৰদান

অসম গ্ৰন্থমেলাত নিৰ্মল সাই প্ৰকাশনৰ “সম্পাদনা সাহিত্য বঁটা ২০২২” ৰঙিলী বাৰ্তাৰ সম্পাদক উদ্দীপ্ত নয়ন মেধিক প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  নিৰ্মল সাই প্ৰকাশনৰ উদ্যোগত সোমবাৰে অসম গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি প্ৰেক্ষাগৃহত উদীয়মান গল্পকাৰ মাইনী চমুৱাৰ ‘মেৰুণৰঙী ফাইল’ শীৰ্ষক গল্প সংকলনখন উন্মোচিত হয় । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰে বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য ড° পৰাগ কুমাৰ ভট্টাচাৰ্যই । নিৰ্মল সাই প্ৰকাশনৰ সঞ্চালক উৎপল ভৰদ্বাজে আঁতধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° লুটফা হানুম ছেলিমা বেগম আৰু মঙলদৈ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা ড° মঞ্জু কলিতা । অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ নগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিলৈ প্ৰকাশনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয় । ক্ৰমে প্ৰেৰণাশ্ৰী যতীন কুমাৰলৈ সাধনা সন্মান, ধীৰেন নাথ শইকীয়া আৰু গীতু ভাগৱতী পাঠকলৈ কাব্যজ্যোতি সন্মান, ভাস্কৰজ্যোতি শৰ্মালৈ অনুবাদ সন্মান, বিভাৰাণী বণিয়ালৈ শিশু সাহিত্য সন্মান, ড° মুনমনি দেৱীলৈ প্ৰৱন্ধ সৌৰভ সন্মান, কল্যাণ কুমাৰ গোস্বামীলৈ ভ্ৰমণ সাৰথি সন্মান, আইলুং লাহন বৰালৈ যুৱ সাহিত্য সন্মান আৰু ৰঙিলী বার্তাৰ সম্পাদক উদ্দীপ্ত নয়ন মেধিলৈ সম্পাদনা সাহিত্য সন্মান আগবঢ়োৱা হয় ।