অসমৰ বানপানী: সাহায্যৰ সিপাৰে এক কৰুণ বাস্তৱ আৰু কিছু অনুত্তৰিত প্ৰশ্ন – শচীন্দ্ৰ কুমাৰ দাস

Pc National Herald

অসমৰ বানপানী: সাহায্যৰ সিপাৰে এক কৰুণ বাস্তৱ আৰু কিছু অনুত্তৰিত প্ৰশ্ন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

প্ৰতি বছৰে অসমলৈ বানপানী আহে আৰু লগত লৈ আহে ধংসলীলা। বানপানীৰ সময়ত কিছু চাউল, দাইল, তেল, নিমখ আৰু কাপোৰ-কানিৰ সাহায্য বা ওখ ঠাই আৰু মথাউৰিত আশ্ৰয় ল’বলৈ পোৱাটোৱেই দুৰ্দশাগ্ৰস্ত ৰাইজৰ বাবে সকলো নহয়। সেয়া কেৱল এটা সাময়িক সকাহহে। প্ৰকৃততে বানপানী নামি যোৱাৰ পিছতহে দুৰ্ভগীয়া বানপীড়িতসকলৰ আচল সংগ্ৰাম আৰু যাতনা আৰম্ভ হয়, যিটো সংবাদ মাধ্যম বা চৰকাৰী পৰিসংখ্যাত প্ৰায়েই প্ৰকাশ নাপায়।

বানপানীৰ সময়ত আটাইতকৈ বেছি কষ্ট হয় ঘৰত থকা বৃদ্ধ, শিশু আৰু বেমাৰী মানুহখিনৰ। চাৰিওফালে পানী থকাৰ বাবে তেওঁলোকে সময়ত চিকিৎসা বা ঔষধ-পাতি নাপায়। আশ্ৰয় শিবিৰসমূহতো তেওঁলোকৰ বাবে নূন্যতম সু-ব্যৱস্থা নাথাকে। তাতকৈও ডাঙৰ কথা, বানৰ কৰাল গ্ৰাসত পৰি যিসকলে নিজৰ স্বামী, পত্নী, সন্তান বা পিতৃ-মাতৃক চিৰদিনৰ বাবে হেৰুৱাব লগা হ’ল, তেওঁলোকৰ সেই চিৰস্থায়ী মানসিক আঘাত চাউল-দাইলৰ পেকেটেৰে কেতিয়াও উপশম কৰিব নোৱাৰি।

মানুহে জীৱনৰ সমগ্ৰ উপাৰ্জন আৰু তেজ-ঘাম একাকাৰ কৰি এটা সপোনৰ ধুনীয়া ঘৰ সাজে। কিন্তু পানী শুকোৱাৰ পিছত যেতিয়া সমগ্ৰ ঘৰখন কেৱল বোকা, লেতেৰা আৱৰ্জনা আৰু গেলা-পচা দুৰ্গন্ধই আগুৰি ধৰে, তেতিয়া সেই ধ্বংসস্তূপৰ মাজত থিয় হৈ মানুহে যি মানসিক আৰু আৰ্থিক যাতনা ভোগ কৰিবলগীয়া হয়, তাক অনুভৱ কৰিবলৈ কাৰো আহৰি নাই।

কেৱল মানসিক যাতনাতে এই দুৰ্দশা শেষ নহয়। বানপানীৰ পাছত অঞ্চলভেদে মহামাৰীৰ সৃষ্টি হয়। দূষিত পানী খোৱাৰ বাবে ডায়েৰীয়া, কলেৰা, টাইফইড আদি পেটৰ বেমাৰ আৰু বোকাপানীৰ সংস্পৰ্শত আহি ভয়াৱহ চৰ্মৰোগ বা ছালৰ বেমাৰ বিয়পি পৰে। পৰৱৰ্তী সময়ত বোকা শুকাই ধূলি হোৱাৰ বাবে আৰু দুৰ্গন্ধৰ বাবে শ্বাস-প্ৰশ্বাস আৰু হাঁপানীৰ দৰে ৰোগত মানুহ আক্ৰান্ত হয়। ইয়াৰ সমান্তৰালভাৱে বানপানীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনটো স্তব্ধ কৰি পেলায়। দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থাকে বা আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত হয়। হঠাত অহা পানীত ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ, নথি-পত্ৰ আদি সকলো নষ্ট হৈ যায়, যাৰ ফলত তেওঁলোকে শৈক্ষিক দিশত বহুখিনি পিছপৰি ৰয়।

গতিকে, বানপানী কেৱল অসমৰ এক বাৰ্ষিক দুৰ্যোগ নহয়, ই ৰাজ্যখনৰ বাবে এক ভয়াৱহ অভিশাপ। এই স্থায়ী সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু গৰাখহনীয়াক অতি শীঘ্ৰে এটা ‘ৰাষ্ট্ৰীয় সমস্যা’ (National Problem) হিচাপে ঘোষণা কৰিব লাগে। বাৰ্ষিক সাহায্য বিতৰণৰ পৰম্পৰাগত নিয়মতকৈ নদী নিয়ন্ত্ৰণৰ বাবে এক দীৰ্ঘম্যাদী বিজ্ঞানসন্মত পৰিকল্পনা, স্থায়ী মথাউৰি নিৰ্মাণ আৰু বান-পৰৱৰ্তী স্বাস্থ্য তথা অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে চৰকাৰে কঠোৰ আৰু স্থায়ী পদক্ষেপ গ্ৰহণ কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ দাবী।