‘অসমৰ জোনাক’ চাবলৈ নাহে আৰু অমৰ শিল্পীগৰাকী!- অঞ্জু শাণ্ডিল্য

pc.india tv hindi

‘অসমৰ জোনাক’ চাবলৈ নাহে আৰু অমৰ শিল্পীগৰাকী!

অঞ্জু শাণ্ডিল্য

১৯৫৬ চনত মুক্তি লাভ কৰা ‘এৰাবাটৰ সুৰ’ত ‘জোনাকৰে ৰাতি…’ শীর্ষক গীতটো হেনো ভূপেনদাই এগৰাকী নাৰীৰ কথা ভাবিয়েই লিখিছিল। সেই নাৰী তেতিয়া ‘প্রভূকুঞ্জ’ নামেৰে প্ৰখ্যাত আবাসগৃহত। সাধাৰণ সাজপাৰ পৰিধান কৰা এই নাৰীগৰাকী কিন্তু এক অসাধাৰণ কণ্ঠৰ অধিকাৰিণী। ভূপেনদাতকৈ মাত্র দুবছৰৰ সৰু। ‘প্রভুকুঞ্জ ‘তে সাক্ষাৎ ঘটিছিল ভূপেনদাৰ সৈতে, ভূপেনদাক তেওঁ লৈ গৈছিল শোৱনি কোঠালৈ। কোঠাটোত আছিল মন্দিৰৰ দৰে এক স্নিগ্ধ, পবিত্ৰ পৰিবেশ। বেৰত বীৰ শিৱাজী আৰু সংগীতজ্ঞ পিতৃৰ ছবি। বিছনাত বহি হাৰমনিয়ামৰ ৰিডত আঙুলি বুলাই ভূপেনদাই বুজাই দিছিল গীতটোৰ কথা। অসমৰ সুজলা সুফলা ৰূপৰ কথা চাহ বাগিচাৰ ছোৱালী এজনীৰ কণ্ঠৰে নিগৰি অহাৰ কথা। গীতটোৰ কথা শুনি নাৰীগৰাকীয়ে কৈছিল— ইমান ধুনীয়া গানৰ কথা! সুৰটো কেনেকুৱা হ’ব?’ ভূপেনদাই গাই শুনাইছিল ‘জোনাকৰে ৰাতি অসমীৰে মাটি….’

নাৰীগৰাকীয়ে যেন চকু মুদি দেখিছে অসমৰ মাটি, গাঁৱৰ মাজেৰে বৈ যোৱা নৈ, বতাহত লৰা আগলতি কলাপাত, জোনাক গলা নিশা। অচিনাকি অসমৰ গাঁও, নৈ, গছ-বন যেন চিনাকি হৈ পৰিছে। গানটো শেষ হ’লত হাৰমনিয়াম নাৰীগৰাকীলৈ আগবঢ়াই দিলে। হাৰমনিয়াম বজাই গাই গ’ল ভূপেনদাৰ সুৰতে ‘জোনাকৰে ৰাতি…’।

ভূপেনদা অবাক হৈ পৰিল অনা-অসমীয়া এক নাৰীৰ কণ্ঠত অসমীয়া ভাষাৰ গীত শুনি আৰু অসমীয়া ভাষাৰ এই গীত সৰ্বভাৰতীয় প্ৰেক্ষাপটত উজলি উঠিল। ‘জোনাকৰে ৰাতি…’ গীতটোৰ প্রশংসাত পঞ্চমুখ হৈ পৰে— যুগান্তৰ, দেশ, আনন্দবাজাৰ পত্রিকা, হিন্দুস্তান ষ্টেণ্ডার্ড আদি। হিয়াৰ সমস্ত আবেগেৰে যিগৰাকী নাৰীয়ে এই গীত গালে, সেইগৰাকী নাৰী আন কোনো নহয়, কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ। এদিনৰ চিনাকিতে দুয়ো বহু দিনৰ চিনাকি যেন হৈ পৰে। ঘনিষ্ঠ সম্বন্ধ গঢ় লৈ উঠে। দুয়ো দুয়োৰে কাষ -চাপি আহে। এদিন কথা প্রসংগত ভূপেনদাক
কৈছিল— ‘গীতটো গাওঁতে মই নিজকে এজনী অসমীয়া ছোৱালী বুলি ভাবি লোৱা কাৰণেই চাগে’ ইমান ভাল হ’ল। অসমৰ জোনাক চাবলৈ বৰ মন গৈছে, কামাখ্যা মাকো। লৈ বলকনা মোক অসমলৈ।’ অসমলৈ আহিছিল। কিন্তু জোনাক চাবলৈ পালে নে নাই জনা নগ’ল। আৰু কোনোদিনে অসমৰ জোনাক চাবলৈ নাহে। প্রতি দেওবাৰে ব্ৰত ৰখা লতা মংগেশকাৰে দেওবাৰৰ দিনটোতে পুৱাই সকলোকে কন্দুৱাই গুচি গ’ল। মহাৰাষ্ট্ৰৰ লগতো অসমৰ মিল দেখিছিল।

সংগীতজ্ঞ-অভিনেতা দীননাথ মংগেশকাৰ আৰু শিৱন্তীৰ কন্যাৰ নাম আছিল হেমা। পিতৃয়ে ‘ভাও বন্ধন’ নাটক এখনত কাম কৰোতে, নাটকখনৰ লতিকা নামৰ নাৰী চৰিত্ৰই আকৰ্ষণ কৰাত হেমাৰ নাম হয়গৈ লতা। লতাৰ তেৰ বছৰতে পিতৃ বিয়োগ ঘটে। পিতৃৰ জীৱিত অৱস্থাত মাৰাঠী ছবি ‘কিট্রী হাছাল’ৰ জীৱনৰ প্ৰথমটো গীত ৰেকর্ডিং কৰে; কিন্তু পিতৃয়ে বিৰোধ কৰাত গীতটো ছবিৰ পৰা আঁতৰাই দিয়া হয়। অথচ পিতৃৰ মৃত্যুৰ অষ্টম দিনতেই পেটৰ তাড়নাত ছবিত গীত গাব লগা আৰু অভিনয়ো কৰিব লগাত পৰে। তাৰ পাচৰ পৰা কিমান গীত গালে হিচাপ নাই। আৰু খ্যাতিৰ উচ্চ শিখৰত আৰোহণ কৰোতেই ভূপেনদাৰ সান্নিধ্য লাভ কৰে ‘জোনাকৰে ৰাতি…’ গীতৰ জৰিয়তে। যিটো গীতৰ বিষয়ে ‘টাইমছ অব্ ইণ্ডিয়াই লিখিছিল— ‘এলং ইণ্ডিয়া উইথ লতা।’ এসময়ত শুকান ৰুটী কেঁচা জলকীয়া আৰু নিমথেৰে খাব লগা শিল্পীগৰাকীয়ে চাইকেল চলাই চলাই ষ্টুডিঅ’ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল। আনকি আকাশবাণীৰ কণ্ঠ পৰীক্ষাতো প্রথমে উত্তীৰ্ণ হ’ব পৰা নাছিল। আৰু কম বয়সতে গান গায়েই চহকী হৈ পৰে। চহকী হৈ কিন্তু দুখীয়া মানুহৰ কথা পাহৰি নগ’ল। দেৱালীৰ দিনা দুখীয়া-নিছলাক দান-দক্ষিণা কৰিছিল। ঘৰৰ বনকৰা মানুহ, ড্ৰাইভাৰ চকীদাৰ আদিকো। এবাৰ ‘প্রভুকুঞ্জ’ত দেৱালীৰ দিনা ভূপেনদাক কৈছিল— ‘মই দুখীয়াৰ দুখ বুজি পাওঁ। ধন-সোণেৰে মই নিজকে সজাই সুখ পোৱা নাই । মোৰ ধন-সোণেৰে আনে সুখ পালে-হাঁহিলে মই তাতেই শান্তি পাওঁ ভূপেনদা। কাৰণ ময়ো এদিন দুখীয়া আছিলো। শ্যামবৰণীয়া মুখখনত আয়ত চকুযুৰিৰে ভূপেনদাই শিল্পীগৰাকীক ধুনীয়া দেখিছিল। ভূপেনদাই কৈছিল—’কোনোবাই চকু মুদি লতা মংগেশকাৰৰ গান শুনিলে লতাকেই  বিশ্বসুন্দৰী বুলি ভাবিব। এইগৰাকী মহানশিল্পীলৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলিৰে—