অসমীয়া কথাছবি ‘বৃষ্টি’ খ্যাত নাট্যকাৰ পৰিচালক দেউতি বৰুৱাৰ মুখ্যসহযোগী নাট্য,ডিব্ৰুগড় পৌৰ সভাৰ প্ৰাক্তন সভাপতি শিল্পী সুৰেণ গগৈৰ বিয়োগ

অসমীয়া কথাছবি ‘বৃষ্টি’ খ্যাত নাট্যকাৰ পৰিচালক দেউতি বৰুৱাৰ মুখ্যসহযোগী নাট্য,ডিব্ৰুগড় পৌৰ সভাৰ প্ৰাক্তন সভাপতি শিল্পী সুৰেণ গগৈৰ বিয়োগ: বিভিন্ন জনৰ শোক প্ৰকাশ

এম হাছিম আলী, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় এগৰাকী প্ৰথিতযশা নাট্য শিল্পী সুৰেণ গগৈৰ স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। অসমীয়া চলচ্চিত্ৰ ‘বৃষ্টি’ খ্যাত নাট্যকাৰ পৰিচালক দেউতি বৰুৱাৰ ‘সেইয়া ধুৱাই নিলে’, সিহঁত জীয়াই থাকে, কেপ্তেইন গগৈ, মানুহৰ অধিকাৰ, লেনিনৰ আহ্বান আদি নাটকৰ লগত প্ৰয়াত সুৰেন গগৈ মুখ্য সহযোগী হোৱাৰ লগতে বহু নাটক নিজে পৰিচালনা কৰি তেখেতে এক সুকীয়া পৰিচয় লাভ কৰিছিল। অতি অমায়িক,সহজ সৰল জীৱন কৰাৰ লগতে সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰি আত্মীয়তা গঢ়ি তোলা সুৰেন গগৈ ডিব্ৰুগড় পৌৰসভাৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড় হ’লচেল সমবায় সমিতিৰ ভূতপূৰ্ব সভাপতি, ডিব্ৰুগড় আৰ্ট প্লেয়াচ চছাইটিৰ প্ৰাক্তন সভাপতি, জেউতি মৰল সঙ্ঘ, চিৰিং চাপৰি বহাগী মেলা আদি বহু অনুষ্ঠানৰ লগত জড়িত আছিল। উল্লেখযোগ্য যে উক্ত থলিতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনিল দুৱৰা, সুৰজিৎ বৰুৱা,ৰাণাজোতি বৰুৱা,অশোক বৰুৱা, দ্বিপেন কাকতি, জ্যোতি প্ৰকাশ ভট্টাচাৰ্য, অসীম শৰ্মা ,অনুপ বৰঠাকুৰ,নিলম বৰুৱা, মনোজ বৰুৱা মনোৰম বৰুৱা আদি নাট্য কৰ্মীয়ে সুৰেন গগৈৰ সান্নিধ্য আৰু নাট্য প্ৰতিভাৰ বিভিন্ন কথা সদৰি কৰি এক মিনিট মৌনতা অৱলম্বন কৰি তেখেতক শ্ৰদ্ধা তৰ্পণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে । ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ শোক প্ৰকাশ কৰাৰ লগতে আখৰা ঘৰ, ডিব্ৰুগড় আৰ্ট প্লেয়াচ চছাইটি,আজমকা, জেউতি মৰল সঙ্ঘ, জয়শ্ৰী সঙ্ঘ, ভাৰতীয় গণনাট্য সংঘৰ ডিব্ৰুগড় শাখা,অসম নাট্য সন্মিলনৰ ডিব্ৰুগড় শাখা আদিৰ হৈ ডিব্ৰুগড় আৰ্ট প্লেয়াচ চছাইটি আৰু আজমকা নাট্য গোষ্ঠীয়ে মৃতদেহত গামোচাৰে শ্ৰদ্ধা নিবেদন কৰি প্ৰয়াত নাট্য শিল্পী জনক চিৰবিদায় দিয়ে । মৃত্যুৰ সময়ত এক পুত্ৰ আৰু এগৰাকী কন্যা ইহ সংসাৰত এৰি গৈছে।