ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন :এশৰো অধিক জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা
এম হাছিম আলী, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ৰ কুমাৰণিছিগাৰ বৃদ্ধা আশ্ৰমত প্ৰধানমন্ত্ৰী সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি ১০০ ও আধিক জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা আগবঢ়োৱা লগতে জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া প্ৰশান্ত বৰা, জিলা প্ৰাপ্ত বয়স্ক বিভাগৰ জিলা সমন্বয়ক হেমন্ত হাজৰিকা, সহকাৰী সমন্বয়ক অনিল প্ৰসাদ সিংহ, জিলা পৰ্যবেক্ষক পৰশমণি হাজৰিকা আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ নাগৰিক সকলকৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে সমাজ কল্যাণ বিভাগে জিলা প্ৰশাসনৰ সহযোগত জ্যেষ্ঠ নাগৰিকৰ বাবে কিছুমান আঁচনিৰ দ্বাৰা বিভিন্ন ধৰণৰ কাম কৰি আহিছে। সভাত সমাজ কল্যাণ বিভাগৰ বিষয়া প্ৰশান্ত বৰাই জ্যেষ্ঠ নাগৰিক সকলৰ বাবে বিভাগীয় আঁচনিৰ দ্বাৰা কেনেকৈ ফলপ্ৰসূ হব পাৰে তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ চিকিৎসক ডাঃ আব্দুল হামিদ, ডাঃ কুন্দন দুৱৰা উপস্থিত থাকে। বৃদ্ধ আশ্ৰমৰ সমন্বয়ক মিতালী গগৈ অনুষ্ঠানটো পৰিচালনা কৰে।
