অসমত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ল ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে’। ভাৰতৰ অন্যতম বন্ধু ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীগৰাকীক লোকভৱনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায়। কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা শ্বেৰিং টবগে’ৰ সৈতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে এক বৈঠকতো মিলিত হয়। বৈঠকত দুই দেশৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰা আৰু বিশেষকৈ অসমৰ ওপৰত গুৰুত্ব দি উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধিৰ বিভিন্ন বিষয়ৰ ওপৰত বিতং আলোচনা হয়। দুয়োপক্ষই অসম আৰু ভুটানৰ মাজৰ চিৰস্থায়ী বন্ধুত্ব, পাৰস্পৰিক সহযোগিতা আৰু দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্ব প্রদান কৰে। উল্লেখ্য যে ভুটানৰ গেলেফুৰ সৈতে ৰে’ল সংযোগ স্থাপনৰ লগতে অসম আৰু ভূটান সীমান্তত নির্মাণ হ’ব লগা অত্যাধুনিক ঔদ্যোগিক চহৰক লৈ দুয়োখন দেশৰ মাজত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে। সমগ্র প্রকল্পটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভূটান চৰকাৰৰ সহযোগিতাক লৈ ইতিমধ্যে দিল্লী পর্যায়ত চলিছে আলোচনা। মুখ্যতঃ এই উদ্দেশ্যে গুৱাহাটীত উপস্থিত হোৱা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত ৰে’ল প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। আজি প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ লোকভৱনত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যখনৰ পৰম্পৰাগত আতিথ্যৰ প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰপ্ৰধানগৰাকীক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়।।
