অসমত অনুস্থিত হ’ব উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু

pc Pratidin Time

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰে ঘোষণা কৰিছে যে ৰাজ্যখনত উচ্চ মাধ্যমিক পৰীক্ষা (এইচ.এছ.এল.চি. বা দশম শ্ৰেণী) আৰু উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্ৰেণী) পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষাৰ্থীসকলক কাকতৰ চয়ন দিয়া হ’ব আৰু তেওঁলোকে সকলো কাকতত অৱতীৰ্ণ হ’ব নালাগিব, অসমৰ শিক্ষা মন্ত্ৰী ৰাণোজ পেগুৱে কয় যে সকলো পৰীক্ষাৰ ইনভিজিলেটৰ আৰু কৰ্মচাৰীসকলক টিকাকৰণ কৰা হ’ব। পৰীক্ষা ১৫ আগষ্টৰ ভিতৰত শেষ হ’ব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে। শিক্ষা মন্ত্ৰী ড০ ৰাণোজ পেগুৱে ছাত্ৰ সন্থা আৰু শিক্ষকসহ সকলোৰে সৈতে ব’ৰ্ডৰ পৰীক্ষাৰ বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’বলৈ এখন বৈঠক আহ্বান কৰে। অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰাণোজ পেগুৱে সোমবাৰে ৰাজ্যখনত পৰীক্ষা অনুষ্ঠিত হোৱাৰ ইংগিত দিছিল। যিহেতু ৰাজ্যখনত কোভিড গোচৰৰ সংখ্যা হ্ৰাস পাইছে, ড০ ৰাণোজ পেগুৱে কৈছিল যে তেওঁ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আশাবাদী। শ্ৰীযুত পেগুৱে লগতে কৈছিল যে চৰকাৰে ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰিব আৰু সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ বৱস্থা কৰিব।