অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ  নগাঁৱৰ ক্ৰমে বঢ়মপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ বিদ্যালয় আৰু ভেৰভেৰিস্থিত মৃত্যুঞ্জয় বেদবিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মিঠাই পেকেট বিতৰণ

অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ  নগাঁৱৰ ক্ৰমে বঢ়মপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ বিদ্যালয় আৰু ভেৰভেৰিস্থিত মৃত্যুঞ্জয় বেদবিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মিঠাই পেকেট বিতৰণ

দেৱাশীষ গোস্বামী,নগাওঁ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতবৰ্ষৰ এটা অগ্ৰণি সামাজিক অনুষ্ঠান অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ নগাঁৱৰ সমৃদ্ধি গোটৰ সদস্যা সকলে দেৱালী উপলক্ষে ৰূপায়ন কৰিব লগীয়া কিছু অনুষ্ঠান বিশেষ কাৰণবশতঃ পিছুৱাই দিবলগীয়া হৈছিলে।উক্ত অনুষ্ঠানৰে অংশ হিচাবে আজি তেওঁলোকে নগাঁৱৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মিঠাই পেকেট বিতৰণ কৰে।উক্ত কাৰ্য্যসূচীত সমৃদ্ধি গোটৰ স্থায়ী সভানেত্ৰী শ্ৰীমতি ৰিংকু গিডৰাৰ অনুপস্থিতিত আজিৰ কাৰ্য্যসূচীত ভাৰপ্ৰাপ্ত সভানেত্ৰী শ্ৰীমতি হিৰা গাৰোডিয়া আৰু সম্পাদিকা মিছ গুঞ্জন আগৰৱালাৰ নেতৃত্বত সফল ভাৱে ৰূপায়িত হয়।ভাৰপ্ৰাপ্ত সভানেত্ৰী হিৰা গাৰোডিয়াই শ্ৰী মন্ত শঙ্কৰ মিশ্যন অন্ধ বিদ্যালয়ৰ প্ৰধান শিক্ষয়েত্ৰী শ্ৰীযুতা গুণ বৰাক এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।ইয়াৰ পাছতে সমৃদ্ধি গোটৰ সদস্যা সকল উপস্থিত হয় মহামৃত্যুঞ্জয় মন্দিৰৰ অন্তৰ্গত মৃত্যুঞ্জয় বেদবিদ্যাপীঠ(গুৰুকূল)প্ৰাঙ্গনত।বিদ্যাপীঠৰ ছাত্ৰসকলৰ মাজত মিঠাই পেকেট বিতৰণ কৰাৰ লগতে গোটৰ সম্পাদিকা গুঞ্জন আগৰৱালাই বেদবিদ্যাপীঠৰ আৰ্চায্য দিলীপ খানালক এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।নগাঁৱৰ সমৃদ্ধি গোটৰ সদস্যা সকলে তেওঁলোকে ৰূপায়ন কৰা কাৰ্য্যসূচী সমূহৰ জড়িয়তে ভ্ৰাতৃত্ববোধ আৰু একতাৰ এনাজৰী ডাল কটকটীয়া কৰাৰ যি প্ৰচেষ্টা,তাক সকলোৱে আদৰণি জনাইছে।