ৰেভ পাৰ্টীৰ ড্ৰাগছ গোচৰসহ ৬টা গোচৰৰ তদন্তৰ দায়িত্ব দিল্লী এনচিবিক অৰ্পণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিলাসী জাহাজৰ ৰেভ পাৰ্টীৰ ড্ৰাগছ গোচৰসহ ৬টা গোচৰৰ তদন্তৰ দায়িত্ব এনচিবি দিল্লীক অৰ্পণ কৰা হৈছে। আৰিয়ান খানৰ গোচৰক লৈ মুম্বাই এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়ে বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছতেই মুম্বাই গোটে নতুন দিল্লীৰ এনচিবিৰ বিশেষ অনুসন্ধান দলক এই গোচৰৰ তদন্তৰ দায়িত্ব দিয়ে। দিল্লীৰ এনচিবিক দায়িত্ব অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ আইপিএছ বিষয়া তথা এনচিবিৰ মুখ্য কাৰ্যালয়ত অপাৰেচনৰ ডিডিজি সঞ্জয় কুমাৰ সিং মুম্বাইত দলসহ উপস্থিত হয়। মুম্বাইৰ এনচিবিৰ কার্যালয়ত উপস্থিত হোৱাৰ পিছত ডিডিজি সঞ্জয় কুমাৰ সিঙক আৰিয়ানসহ বাকী গোচৰকেইটাৰ দায়িত্ব আনুষ্ঠানিকভাৱে চমজাই দিয়ে।