জনপ্ৰিয় ব্ৰাজিলিয়ান গায়ক মাৰিলিয়া ২৬ বছৰ বয়সত বিমান দুৰ্ঘটনাত নিহত

Pc- BBC

জনপ্ৰিয় ব্ৰাজিলিয়ান গায়ক মাৰিলিয়া ২৬ বছৰ বয়সত বিমান দুৰ্ঘটনাত নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্ৰাজিলৰ অন্যতম জনপ্ৰিয় গায়িকা মাৰিলিয়া মেনডনকাইৰ ২৬ বছৰ বয়সত বিমান দুৰ্ঘটনাত মৃত্যু হয়।মাৰিলিয়া মেনডনকাই ‘কুইন অৱ ছাফাৰিং’ খ্যাত আছিল। ২০১৯ চনত লেটিন গ্ৰেমী বিজয়ী মাৰিলিয়া মেনডনকাই সম্পৰ্ক বিচ্ছেদিত মহিলাৰ অভিজ্ঞতাক প্ৰাধান্য দি ৰচনা আৰু পৰিৱেশন কৰা গীতৰ বাবে ব্ৰাজিলত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল। দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ এটা তদন্ত আৰম্ভ কৰা হৈছে।