ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি

Pc TV9 Telegu

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ কোনো অজ্ঞাত ব্যক্তিয়ে ফোনযোগে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক প্ৰদান কৰে এই ভাবুকি।  ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই এই ঘটনাক লৈ স্থানীয় ডি বি মাৰ্গ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। দুষ্কৃতিকাৰীয়ে হাস্পতালখনলৈ ৮বাৰকৈ কল কৰা বুলি এক সূত্ৰই জনায়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।