ৰাহুল দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ১০ কোটি দৰমহা উপাৰ্জন 

Pc- ABP News

ৰাহুল দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ১০ কোটি দৰমহা উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা- টি-২০ বিশ্বকাপ ২০২১ৰ পিছত ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ সাজু হোৱা ৰাহুল দ্ৰাবিড়ে ১০ কোটি দৰমহা উপাৰ্জন কৰিব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনত  দ্ৰাবিড়ক দুবছৰীয়া চুক্তি প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে। “যোৱা মাহত তেওঁক এনচিএৰ মুৰব্বী হিচাপে পুনৰ নিযুক্তি দিয়া হৈছিল। কিন্তু ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে বিচিচিআইক এজন শক্তিশালী প্ৰাৰ্থীৰ প্ৰয়োজন আছিল,” বিচিচিআইৰ এটা সূত্ৰই জনায়। বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও বি চি চি আইৰ পৰা বছৰি ১০ কোটি টকা লাভ কৰি আছে।