গুৱাহাটীৰ উদেষ্ণা বৰাৰ ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল- ২০২১’ খিতাপ লাভ

Pc- Northeast Now

গুৱাহাটীৰ উদেষ্ণা বৰাৰ ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল- ২০২১’ খিতাপ লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  লক্ষ্ণৌত ড্ৰীমজ প্ৰডাকচন হাউছৰ দ্বাৰা আয়োজিত ‘মিষ্টাৰ, মিছ এণ্ড মিছেছ ছুপাৰ মডেল ইণ্টাৰনেচনেল-২০২১’ প্রতিযোগিতাত গুৱাহাটীৰ উদেষ্ণা বৰাই ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল- ২০২১’ খিতাপ লাভ কৰে।এই শাখাত ভূপালৰ শ্ৰেয়া তালৱাৰ আৰু দিল্লীৰ নিশা গুলীয়াই ক্ৰমে প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ ৰূপে বিচাৰকৰ দৃষ্টিত বিবেচিত হয়। সমৰ্থ আৰোৰাই খিতাপ অৰ্জন কৰাৰ বিপৰীতে চুলতান ৱানিয়ে প্ৰথম ৰানাৰ্ছ আপ আৰু জগজিৎ সিঙে দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিছে। সেইদৰে মিছেছ শাখাত পুনেৰ সুস্মিতা ভাণ্ডাৰী শ্রেষ্ঠ প্রতিযোগী হিচাপে বিবেচিত হৈছে। এই শাখাত প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হয় ক্রমে জয়পুৰৰ পূজা কাৰৱাছাৰা আৰু গুৰগাঁৱৰ ঈষা ধনকাৰ।