পঞ্চদশ শতিকাত যিসকল মহাপুৰুষৰ জন্ম হৈছিল, সেইসকলৰ ভিতৰত মহাপুৰু ষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বশ্ৰেষ্ঠ আছিলঃ মুখ্যমন্ত্ৰী শৰ্মা

pc Facebook

পঞ্চদশ শতিকাত যিসকল মহাপুৰুষৰ জন্ম হৈছিল, সেইসকলৰ ভিতৰত মহাপুৰু ষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বশ্ৰেষ্ঠ আছিলঃ মুখ্যমন্ত্ৰী শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা – কামৰূপ জিলাৰ শুৱালকুছিত বহুকেইটা দিশৰ ওপৰত আলোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। শুৱালকুছিত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° শৰ্মাই ৩০খন বিছনাযুক্ত মহাত্মা গান্ধী এফ আৰু ইউ চিকিৎসালয়লৈ গৈ চিকিৎসক, চিকিৎসাকৰ্মী আদিৰ লগত মত বিনিময় কৰি চিকিৎসালয়খনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্রস্তাৱিত নাৰ্ছিং প্রশিক্ষণ কেন্দ্ৰ এটা শুৱালকুছি ইঞ্জিনীয়াৰিং কলেজৰ সমীপতে নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰি বৰ্তমানৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়খন ১০০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ ঘোষণা কৰে। ইয়াৰ পাছতেই তেখেতে শুৱালকুছি ক্রীড়া প্ৰকল্পৰ কাম-কাজৰ বুজ লয় আৰু নিৰ্মাণকাৰী সংস্থা আৰু ক্ৰীড়া বিভাগৰ বিষয়াৰ লগতো আলোচনাত মিলিত হয়গৈ ৷ ষ্টেডিয়ামখনৰ গেলেৰীত ৫ হাজাৰখন আসনৰ ব্যৱস্থা কৰিবলৈ নিৰ্মাণকাৰী সংস্থাক তেওঁ নির্দেশ দিয়ে। তেওঁ লগতে ষ্টেডিয়ামখন এখন সৰ্বাংগসুন্দৰ ষ্টেডিয়াম হ’ব লাগিব প্ৰায়বোৰ খেলৰ সুবিধা থাকিব লাগিব বুলি উল্লেখ কৰে। অহা ব’হাগ মাহত ষ্টেডিয়ামখন উদ্বোধন কৰিব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। ইপিনে শুৱালকুছি মহাপুৰুষীয়া ধৰ্মালোচনী সভা-শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ উদ্যোগত অনুষ্ঠিত গুৰুজনাৰ ৫৭৩সংখ্যক জন্মোৎসৱৰ ধৰ্মালোচনী সভাত মুখ্যমন্ত্রী ড° শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পঞ্চদশ শতিকাত যিসকল মহাপুৰুষৰ জন্ম হৈছিল, সেইসকলৰ ভিতৰত মহাপুৰু ষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বশ্ৰেষ্ঠ আছিল। এইগৰাকী মহাপুৰুষেই ভাৰতবৰ্ষত অসমক প্রতিষ্ঠা কৰি গৈছে। ভাৰতবাসীৰ লগত অসমক চিনাকি কৰি দিছে। গুৰুজনাৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত যদি ভিতৰ সোমোৱা নহয়, তেন্তে তেওঁৰ সম্বন্ধে সঠিকভাৱে জানিব পৰা নাযায়। গুৰুজনাই জীৱনৰ সৰহসংখ্যক সময় পাটবাউসীত কটাইছিল। পৃথিৱীত এনে কোনো ঠাই নাই, য’ত অসমৰ দৰে ঠাইত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদি গুৰুসকল আছিল। এয়া আমাৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কথা। মুখ্যমন্ত্ৰী ড° শৰ্মাই শংকৰদেৱৰ বিষয়ে এক গৱেষণাৰ পোষকতা কৰি কয় যে গুৰুজনাৰ বিষয়ে প্রথম পুস্তিকা প্রকাশ কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। কিন্তু তাৰ আগেয়ে বংগৰ সু-লেখক উমেশ চন্দ্ৰ দেৱে এখন পুথি প্ৰকাশ কৰি মহাপুৰুষ শংকৰদেৱক ভগৱান শ্ৰীমন্ত শংকৰদেৱ বুলি উল্লেখ কৰিছিল।