ৰাজ্য চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিতে স্থাপন কৰিব চি বি এছ ইৰ পাঠ্যক্ৰমৰ একোখনকৈ আদর্শ বিদ্যালয়
ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে চি বি এছ ইৰ পাঠ্যক্ৰমৰ একোখনকৈ আদর্শ বিদ্যালয় স্থাপন কৰিব। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰৰ পৰিৱৰ্তে পৰিচালনা কৰিব এক নির্দিষ্ট সংগঠনে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা স্পষ্ট কৰিছে। এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসমত মুখ্যতঃ তিনিটা স্তৰত আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। অর্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহত যিসমূহ বিদ্যালয় চৰকাৰে স্থাপন কৰিছে সেয়া আদর্শ বিদ্যালয় আৰু ইয়াৰ পাঠ্যক্ৰম চি বি এছ ইৰ অধীনত। এনে বিদ্যালয় বর্তমান ২৫খনত নিয়মিতভাবে পাঠদান চলি আছে আৰু আন ২১খন বিদ্যালয় নির্মীয়মাণ অৱস্থাত আছে। সম্পূর্ণ নোহোৱা এই ২১খন আদৰ্শ বিদ্যালয়ৰ ১৩খনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পাঠ্যক্ৰম অহাবৰ্ষৰ পৰা আৰম্ভ কৰিব পৰা যাব। বাকী ৮খনৰ কাম এতিয়াও সম্পূৰ্ণ হ’বলৈ বাকী আছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে চি বি এছ ই পাঠ্যক্ৰমৰ অন্তৰ্গত ২৫খন আদৰ্শ বিদ্যালয়ৰ ১৪খনেই এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ ৯৬.০৮ শতাংশ। ইয়াৰে সাতখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। মাত্র এখন বিদ্যালয়তহে ফলাফল কিছু বেয়া। যিহেতু চি বি এছ ইৰ অধীনত এই আদৰ্শ বিদ্যালয়সমূহৰ ফলাফল ভাল হৈছে, সেয়েহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ আদর্শ বিদ্যালয় স্থাপনৰ বাবে শিক্ষা বিভাগক নির্দেশ দিছে। সেই অনুসৰিয়েই এই বিদ্যালয়সমূহ সোনকালে আৰম্ভ কৰা হ’ব। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বিদ্যালয়সমূহ অসম চৰকাৰে পৰিচালনা কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ দৰে আদৰ্শ বিদ্যালয় সংগঠন গঠন কৰি তাৰ অধীনত পৰিচালনা কৰা হ’ব। আনহাতে, এই আদৰ্শ বিদ্যালয়ৰ লগতে চাহ বাগিচাসমূহত ৰাজ্য চৰকাৰে স্থাপন কৰিব ২০০খন চাহ বাগিচা আদর্শ বিদ্যালয়। ইয়াৰে ১৭খন ইতিমধ্যে স্থাপন কৰা হৈছে। আনহাতে, একোজন বিধায়কৰ উদ্যোগত স্থাপন কৰা হ’ব একোখনকৈ বিধায়ক আদর্শ বিদ্যালয়। এই বিদ্যালয়কেইখন বিধায়কগৰাকীয়ে চোৱা-চিতা কৰিব আৰু তেওঁৰ সভাপতিত্বতে বিদ্যালয়খনৰ উন্নয়ন চলিব। মন্ত্ৰীগৰাকীয়ে কয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়েই নহয়, মহাবিদ্যালয়সমূহলৈও চৰকাৰে কিছু নিয়ম-নীতি, নির্দেশনা জাৰি কৰিব। চৰকাৰৰ এই নিৰ্দেশনা মানি চলিব লাগিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে। মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো বাধা আৰোপ নকৰে বুলিও স্পষ্ট কৰে ।