বিশিষ্ট সমাজ সেৱক শিক্ষাবিদ সৰবৰহী বৈষ্ণৱপ্ৰাণ বাণীকান্ত গগৈ মৃত্যু

বিশিষ্ট সমাজ সেৱক শিক্ষাবিদ সৰবৰহী বৈষ্ণৱপ্ৰাণ বাণীকান্ত গগৈ মৃত্যু

 এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ওৰেটো জীৱন শিক্ষাদান, শিক্ষানুষ্ঠান গঢ়া, শিক্ষাৰ প্ৰসাৰ, সংস্কৃতি চর্চা, সমাজ সেৱা, ধর্ম চর্চা আদি কাৰ্যৰ সৈতে জড়িত হৈ অর্থপূর্ণভাবে জীবন যাপন কৰা সৰবৰহী, সদালাপী ব্যক্তি, অৱসৰী শিক্ষক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চল প্ৰাথমিক শাখাৰ জ্যেষ্ঠসঙ্গী ,ডিব্ৰুগড় জিলাৰ প্ৰাক্তন শাখা  সভাপতি, প্ৰাক্তন প্ৰচাৰ শাখা সদস্য ডিব্ৰুগড় কদমনি নিবাসী বাণী কান্ত গগৈ (৮৫)  বাৰ্ধক্য জনিত কাৰণত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত গগৈয়ে মৃত্যুৰ সময়ত পত্নী মঞ্জুলতা সোনোৱাল, দুগৰাকী জী-জোঁৱাই, নাতি- নাতিনীসহ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। গগৈৰ মৃত্যুত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ডিব্ৰুগড় জিলা সভাপতি-দিগন্ত গোঁহাই আৰু সম্পাদক ব্ৰজানন্দ ভূঞাই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।