শোক প্ৰস্তাৱ

শোক প্ৰস্তাৱ

অতি দুখেৰে জনাইছোঁ যে আমাৰ মা,শাহু,আইতা শ্ৰীমতী লক্ষ্মীপ্ৰভা দেৱী জুলাই মাহৰ ২০ তাৰিখে ৰাতি প্ৰায় ১০:৪০ বজাত স্বৰ্গগামী হৈছে। তেওঁৰ বিয়োগত আমি সমগ্ৰ পৰিয়াল গভীৰভাৱে শোকাহত।
তেখেতৰ সৰল জীৱন-যাপন, অসীম মৰম, ত্যাগ, ধৈৰ্য আৰু আদৰ্শ আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। তেখেতে এৰি থৈ যোৱা অমূল্য স্মৃতিবোৰ আমাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব।
এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি ঈশ্বৰে আমাৰ সকলোকে প্ৰদান কৰক। আমি পৰিয়ালৰ সকলো সদস্যই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
ঈশ্বৰে বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক।
ওঁ শান্তি।