ৰাজ্যৰ মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্রদান 

pc-The Sentinel assam

ৰাজ্যৰ মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্রদান 

ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰৰ অসম গড়কাপ্টানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সম্মিলন তথা প্রশিক্ষণ কেন্দ্র প্রেক্ষাগৃহত ৰাজ্যৰ সাংবাদিক, সংবাদকর্মীসকলৰ অগ্ৰণী সংগঠন জার্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম, চমুকৈ জাফাই বিভিন্ন শিতানত মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্রদান কৰা হয়। জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম), মৌচমজ্যোতি বৈশ্য (দ্য ছেণ্টিনেল), ছায়ামণি ভূঞা (নিউজ লাইভ), ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্রতিদিন), নয়নপ্ৰতিম কুমাৰ (প্রতিদিন টাইম), ডিৱাই ৩৬৫ৰ প্ৰদীপ বৰ্মন, আফতাব আলী (ইউ বি ফটোজ), গীতাশ্রী তালুকদাৰ, নিউজ ১৮ আছাম নর্থ ইষ্ট, প্রান্তজ্যোতি দৈনিকৰ নিলয় পাল, দৈনিক কাৰ্বি থেকাৰৰ লংসিং টেৰণ। একেদৰে মানৱ অধিকাৰ কৰ্মী ড° দি ব্যজ্যোতি শইকীয়া, উদ্যোগী আৰ্জেদ চহৰীয়া, বিশিষ্ট সমাজকর্মী তুষাৰ পাল, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, মুখ্যমন্ত্রী বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰজী কলিতা, পৰিবহণ আয়ুক্ত তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, যুৱ নেতা জীৱেশ ৰায় আদিৰ লগতে গ্রামাঞ্চলৰ সাংবাদিক লখিমপুৰৰ কুশল শইকীয়া, মৰিগাঁৱৰ গৌতম কুমাৰ কাকতি, দৰঙৰ দুৰ্নীৰ তৰুণ দাস, কোকৰাঝাৰ চিথিলাৰ কৃষ্ণ বর্মন, কলাইগাঁৱৰ অৰুণ শৰ্মা, বঙাইগাঁৱৰ উত্তম কুমাৰ বৰ্মন, কাৰ্বি আংলঙৰ অৰুণ লেকথে, যোৰহাটৰ ইমদাদ আলী, বিজনীৰ সুনীল কুমাৰ শৰ্মা আৰু বাক্সা নাওকাটাৰ প্রকাশ পৌঁড়েল জাফা এচিভাৰ্ছ এৱাৰ্ডৰ বঁটা প্ৰদান কৰা হৈছে। বঁটাপ্ৰাপকসকলক গামোচা, স্মাৰক, চেলেং চাদৰ আৰু ফুলৰ টোৰা প্ৰদান কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকা, বৈকুণ্ঠনাথ গোস্বামী, অমল ৰ গুপ্ত, জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক কুঞ্জমোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকাকে প্রমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।