জীৱনৰ প্ৰথম জাক বৰষুণ – এছ ইছলাম

Pc StockCake

জীৱনৰ প্ৰথম জাক বৰষুণ 

এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা

ফাগুনৰ পছোৱা বতাহে
কঢ়িয়াই আনিছিল
স্বৰ্গীয় শ্নিগ্ধ সুধা।
জীৱনৰ প্ৰথম জাক বৰষুণৰ
সেই মাদকতাত
তিতিছিলোঁ তুমি আৰু মই
স্বচ্ছ হৈছিল হৃদয়ৰ আৱৰ্জনা
তোমাৰ বাৰু নাই নে জনা ?
সেই বৰষুণজাকৰ প্ৰভাৱত
উতলা যৌৱনৰ মাধুৰ্য
উথলি উঠিছিল হৃদয়ত
প্ৰেমৰ মাদকতা।
জীৱনৰ প্ৰথম জাক বৰষুণে
কঢ়িয়াই আনিছিল জীৱনত
অনাবিল প্ৰশান্তি
আঁতৰিছিল আমাৰ হৃদয়ৰ
সকলো ভ্ৰান্তি ।
জীৱনৰ প্ৰথম জাক বৰষুণত
হৈ পৰিছিলো আপ্লুত
দৃঢ় হৈছিল প্ৰেমৰ বন্ধন
নৱপ্ৰজন্মই পোখা মেলিছিল
লহপহকৈ ।