ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিশু অধিকাৰ বিষয় সন্দৰ্ভত হোজাই , নগাঁও, ডিমা হাছাও,পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু শিশু কল্যাণ আৰক্ষী বিষয়াসকলৰ বাবে এখনি দুদিনীয়া আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী ২ আৰু ৩ ফেব্ৰুৱাৰীত নগাঁওৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ আয়োগৰ পৰামৰ্শদাতা দিবজ্যেতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ প্রথম দিনৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে উন্মোচন কৰা হয় । আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত আয়োগৰ সদস্য অজয় কুমাৰ দত্তই ভাষণ দিয়ে৷ আয়োগৰ পৰামর্শদাতা মৃদুস্মিতা দত্তই আয়োগৰ বিষয়ে উপস্থিত সকলোকে অৱগত কৰায়৷আনহাতে অনুষ্ঠানটিৰ প্ৰথম দিনৰ প্ৰথম কাৰিকৰী সত্ৰত নেস্পাইমৰ পৰিচালক চিৰঞ্জীৱ কাকতিয়ে শিশু উৎপীড়ন প্ৰতিৰোধৰ বাবে আইনী সুৰক্ষা , কিশোৰ ন্যায় আইন,২০১৫ আৰু যৌন অপৰাধ, শিশুক ৰক্ষা আইন , ২০১২ ৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰে । আনহাতে উক্ত দিনৰ দ্বিতীয় কাৰিকৰী সত্ৰত দ্বিতীয় গৰাকী সমল ব্যক্তি নিৰ্জু দত্ত ভৰালীয়ে শাৰীৰিক শাস্তি বিষয়ত শিক্ষকসকলৰ কৰণীয়তাৰ বিষয়ে বিভিন্ন দিশ দাঙি ধৰে৷উক্ত প্রশিক্ষণ কার্যসূচী হোজাই , নগাঁও , ডিমা হাছাও, পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা প্ৰায় ৯০ গৰাকী শিক্ষক শিক্ষয়িত্রী উপস্থিত থাকে৷ আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকি নগাঁও জিলাৰ উপ- আৰক্ষী অধীক্ষক দিপ্তী মালীয়ে আৰক্ষীসকলৰ শিশু অধিকাৰ সুৰক্ষা ব্যৱস্থাসমূহৰ কাৰ্যকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰে আৰু আন এগৰাকী সমল ব্যক্তি চিৰঞ্জীৱ কাকতিয়ে আৰক্ষী তথা শিশু অধিকাৰ সুৰক্ষা বিষয়ৰ লগত জড়িত আন আন অংশীদাৰীসকলৰ কৰণীয়তাৰ বিষয়ে আলোকপাত কৰে ৷দ্বিতীয় দিনাৰ কাৰ্যসূচীত হোজাই , নগাঁও , ডিমা হাছাও, পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা প্ৰায় ২০ গৰাকী আৰক্ষী বিষয়া উপস্থিত থাকে৷