ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা সম্পন্ন

Pc Facebook

ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা সম্পন্ন

নয়নজ্যোতি তালুকদাৰ.গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ সভপতিত্বত দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱনত এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়, ৰাজ্যিক বিষয়-ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি, জিলা সভাপতি, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলৰ উপস্থিতিত আয়োজন হোৱা সভাত বুথ সশক্তিকৰণ অভিযান, ৰাজ্যিক বিষয়-ববীয়া, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলৰ মণ্ডল স্তৰত প্ৰৱাস, ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ আয়োজিত হব লগীয়া সেৱা পষেক, ১৭ অক্টোবৰত বুথ পৰ্যায়ত “গ্ৰাম্য ক্ৰীড়া দিৱস” ৰ লগতে আগন্তুক পৰিয়াল মিলন কাৰ্যসূচীৰ বিষয়ে আলোচ্য হৈ যায়। আজিৰ সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই আৰু দিপ্লো ৰঞ্জন শৰ্মা উপস্থিত আছিল।