ৰাজ্যজুৰি ৰাইজে অনলাইন ট্রেডিঙেৰে প্ৰায় ১৪ হাজাৰ কোটি টকা হেৰুৱালে 

ৰাজ্যজুৰি ৰাইজে অনলাইন ট্রেডিঙেৰে প্ৰায় ১৪ হাজাৰ কোটি টকা হেৰুৱালে 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যজুৰি ৰাইজে অনলাইন ট্রেডিং কেলেংকাৰিত হেৰুৱাবলগীয়া হৈছে প্রায় ১৪ হাজাৰ কোটি টকা। সাধাৰণতে এখন ৰাজ্যৰ এটা চৰকাৰী বিভাগৰ এবছৰৰ বাজেট আবণ্টিত চৰকাৰী পুঁজিৰ সমপৰিমাণৰ ধন ৰাইজে কেৱল নিজৰ মূৰ্খামিৰ বাবে হেৰুৱাবলগীয়া হোৱা বিষয়টোৱে সম্প্রতি সর্বত্র চর্চা লাভ কৰিছে। সম্প্রতি ৰাইজৰ মাজত শ্বেয়াৰ মাৰ্কেটত অনলাইন ট্রেডিং সহজলভ্য ধন ঘটাৰ এক অন্যতম মাধ্যম ৰূপে পৰিগণিত হৈছে। চৰকাৰী নিয়ম অনুসৰি অনলাইন ট্রেডিং বেআইনী নহয় যদিহে নির্দিষ্ট নীতি-নিয়মৰ মাজেৰে ধন বিনিয়োগ কৰা হয়। কিন্তু একাংশ প্ৰৱঞ্চকে ৰাইজৰ অজ্ঞতাৰ সুযোগ লৈ অনলাইন ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি এই ধন আত্মসাৎ কৰিছে। বছৰ বছৰ ধৰি প্ৰৱঞ্চনাৰ এই নেটৱৰ্কটো অতি সুন্দৰকৈ চলি আছিল যদিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ভুৱা অনলাইন ট্রেডিঙৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে বৃহৎ এই জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। নিশাটোৰ ভিতৰতে এটকাক দুগুণ কৰি দিয়াৰ প্রলোভনেৰে চলাই অহা কেইবাটাও অনলাইন ট্রেডিং প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিছু মাহ পূর্বে ‘বাইবিৱাই’ নামৰ এটা অনলাইন ট্রেডিং এপৰ জৰিয়তে প্ৰৱঞ্চনাৰ এই নেটৱৰ্কটো আৰম্ভ হৈছিল যদিও আৰক্ষীয়ে তদন্তত বিশেষ অগ্রগতি লভিবলৈ সক্ষম হোৱা নাছিল। কিন্তু শেহতীয়াকৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা বিনিয়োগৰ নামত প্রায় ৭ হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ডিবি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰ দীপাংকৰ বৰ্মনৰ লুণ্ঠনৰ তথ্য পোহৰলৈ অহাৰ পাছত ইটোৰ পিছত সিটো প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰে। তাৰ পিছতে ডিব্ৰুগড়ত বিশাল ফুকন আৰু নর্তকী চুমি বৰাৰ মাধ্যমেৰে প্ৰায় ২,২০০ কোটি টকা অনলাইন ট্রেডিঙৰ নামত আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত এটা এটাকৈ প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিবলৈ ধৰে। মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীৰ দীপাংকৰ বৰ্মনৰ বাদে স্বপ্ননীল দাস নামৰ আন এজন যুৱকেও বিনিয়োগৰ নামত অধিক মুনাফা আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে শিৱসাগৰ-গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তৰ লোকৰ পৰা প্ৰায় এহাজাৰ কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। বাক্সাৰ মাইনাও ব্রহ্ম নামৰ এজনী পাণ-তামোলৰ দোকানীয়ে দীপাংকৰ ভট্ট নামৰ এজন যুৱকৰ সৈতে অনলাইন ট্রেডিঙৰ নামত ৰাইজৰ পৰা প্রায় ৪০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাহিৰেও কৰিমগঞ্জত ছাকিৰ আহমেদ নামৰ এটা প্ৰৱঞ্চকে একে পন্থাৰেই প্রায় ৪০০ কোটি, বিশ্বনাথ জিলাৰ চাৰিদুৱাৰত অঞ্জন সুপ্রিয়ম দাস নামৰ প্ৰৱঞ্চকটোৱে ২০০ কোটি, ধেমাজিত অনিৰাম বসুমতাৰী আৰু মিথিংগা নাৰ্জাৰীয়ে প্রায় তিনি হাজাৰ কোটি, ছয়গাঁৱত ৰে’ল বিভাগৰ ধৰ্মেন্দ্ৰ ৰাভা নামৰ এজন কৰ্মচাৰীয়ে ৫০ কোটি টকা ৰাইজৰ পৰা হৰলুকী কৰাৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত আব্দুল হাই নামৰ এটা প্ৰৱঞ্চকে হেজেক্স নামৰ ভুৱা কোম্পানীৰ বেনাৰত প্ৰায় ৪০ কোটি টকা ৰাইজৰ পৰা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। উক্ত ঘটনাসমূহত জড়িত থকা বিশাল ফুকন, চুমি বৰা, তার্কিক বৰা, অম্লান বৰা, স্বপ্ননীল দাস, মাইনাও ব্রহ্ম, জ্যোতিষ্মান শর্মা, সুমিত বর্মন, অনিৰাম বসুমতাৰী, মিথিংগা নাৰ্জাৰী, অঞ্জন সুপ্রিয়ম দাস, সৰোজ ডেকা আৰু আব্দুল হাইকে ধৰি মুঠ ১৩জন মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানলৈকে ৭ হাজাৰ কোটি টকা আত্মসাতৰ অভিযোগত অভিযুক্ত দীপাংকৰ বৰ্মনৰ উপৰিও কৰিমগঞ্জৰ ছাকিৰ আহমেদ, টিহুৰ দীপাংকৰ ভট্ট আৰু ছয়গাঁৱৰ ধৰ্মেন্দ্ৰ ৰাভা নামৰ প্ৰৱঞ্চককেইটাক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।  মন কৰিবলগীয়া কথা যে ভুৱা অনলাইন ট্রেডিঙৰ এই কেলেংকাৰিত সাধাৰণ লোক, অভিনেত্ৰীৰ লগতে আৰক্ষীৰ কৰ্মচাৰীও জড়িত হৈ পৰিছে। বিশেষকৈ ডিব্ৰুগড়ত অনলাইন ট্রেডিঙৰ নামত বিশাল ফুকন আৰু চুমি বৰাই বহুসংখ্যক চিকিৎসক, ব্যৱসায়ী, অভিনেতা তথা ছবিজগতৰ বহু কলা-কুশলীৰ পৰাও কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ সৰ্বত্ৰ। আৰক্ষীৰ বিশেষ সূত্ৰই সদৰী কৰা মতে, অনলাইন ট্রেডিং প্ৰৱঞ্চক চক্ৰটোৱে একেদিনাই ইমানখিনি ধন আত্মসাৎ কৰিব পৰা নাছিল। প্রথম অৱস্থাত প্রতিশ্রুতি দিয়া মতেই এগুণ ধন দুগুণ কৰি ৰাইজক পৰিশোধ কৰিছিল। তাৰ পিছত লাহে লাহে ৰাইজৰ বিশ্বাস চক্ৰটোৰ প্ৰতি গাঢ় হোৱাৰ সময়তে তেওঁলোকে নিজৰ জালখন অধিক সক্ৰিয়তাৰে প্ৰসাৰিত কৰিছিল। সূত্ৰটোৱে সদৰী কৰা মতে, এই বৃহৎ প্ৰৱঞ্চনাত সাধাৰণ ৰাইজতো বাদেই, বহু ধনী, সম্ভ্রান্ত লোকেও ছলাহী কথাত ভোল গৈ লাখে লাখে টকা বিনিয়োগ কৰিছিল। অসম আৰক্ষীয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ৰাজ্যৰ বিভিন্ন থানাত ৩২টা গোচৰ ইতিমধ্যে ৰুজু কৰিছে। ৬২জনক বর্তমানলৈকে ট্রেডিং কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটে উক্ত গোচৰসমূহৰ সঠিক তদন্তৰ বাবে চিবিআইলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰক্ষী সূত্ৰটোৰ মতে, অকল এইকেইটা গোচৰেই নহয়, আন বহু ঠাইত অনলাইন ট্রেডিঙৰ নামত ৰাইজক প্ৰৱঞ্চনা কৰাৰ কৌশল চলি থকাৰ সন্দেহ প্রকাশ কৰা হৈছে। পৰৱৰ্তী তদন্তসমূহত উক্ত চক্রসমূহো উৎখাত হ’ব বুলি অসম আৰক্ষীয়ে আশা প্রকাশ কৰিছে।